Hajo কামৰূপ জিলাৰ হাজোৰ নয়নপুৰত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত দুই যুৱকৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, শিয়ালমাৰী আৰক্ষী থানাৰ অন্তৰ্গত ন-পাৰা পাম গাঁৱৰ নাছিৰুদ্দিন আহমেদৰ পুত্ৰ চানিদুল ইছলাম (১৯) আৰু আমজাদ হুছেইনৰ পুত্ৰ জাহেৰ হুছেইন (২০) এ এছ ১৪ এছ ৫৫১০ নম্বৰৰ বাইকেৰে মুকালমূৱা দিশৰ পৰা হাজো অভিমুখে আহি আছিল। সেই সময়তে নয়নপুৰত বিপৰীত দিশৰ পৰা অহা এ এছ ১৫ এ চি ০৮৯১ নম্বৰৰ এখন আল্ট্ৰা বাছৰ সৈতে সংঘৰ্ষ হোৱাত দুয়ো যুৱক ঘটনাস্থলীতেই নিহত হয়।

ঘটনাৰ খবৰ পাই হাজো আৰক্ষী তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি হাজো বিঞ্চুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে। লগতে দুৰ্ঘটনাগ্ৰস্ত বাছখন আৰু বাইকখন জব্দ কৰি থানালৈ লৈ যায়। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

এই মৰ্মান্তিক দুৰ্ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত শোকৰ পৰিৱেশৰ সৃষ্টি হয়।
ইফালে, স্থানীয় একাংশ লোকে অভিযোগ কৰিছে যে লোক নিৰ্মাণ বিভাগৰ পথৰ দুৰ্বল অৱস্থা আৰু অব্যৱস্থাপনাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হৈছে। অৱশ্যে এই অভিযোগৰ বিষয়ে সংশ্লিষ্ট বিভাগৰ পৰা তাৎক্ষণিকভাৱে কোনো প্ৰতিক্ৰিয়া লাভ হোৱা নাই।
