বঙালপাৰা-ৰতনপুৰত অৰুণোদয়, জৱকাৰ্ড বনোৱাৰ নামত বৃহৎ জালিয়াতিৰ অভিযোগ
ভূৱা চিম কাৰ্ড আৰু বেংক একাউণ্টৰ জৰিয়তে লাখ লাখ টকা লুণ্ঠনৰ অভিযোগ

হাজো সমষ্টিৰ বঙালপাৰা, তাপাবৰী আৰু দোকনীয়া অঞ্চলত চৰকাৰী আঁচনিৰ নামত একাংশ দুষ্ট চক্ৰই বৃহৎ জালিয়াতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। বিশেষকৈ অৰুণোদয় আৰু জৱকাৰ্ড বনাই দিয়াৰ নামত দৰিদ্ৰ লোকক লক্ষ্য কৰি এই চক্ৰটোৱে প্ৰৱঞ্চনা চলাই অহাৰ অভিযোগ কৰিছে একাংশ ভুক্তভোগীয়ে।
অভিযোগ অনুসৰি, অৰুণোদয় আৰু জৱকাৰ্ডৰ নামত ভুৱা চিম কাৰ্ড আৰু বেংক একাউণ্ট খুলি বিভিন্ন ধৰণে ধন সৰকাই নিয়া হৈছে। ভুক্তভোগীসকলৰ অভিযোগ, তেওঁলোকৰ নথি-পত্ৰ ব্যৱহাৰ কৰি চিম কাৰ্ড আৰু বেংক একাউণ্ট খোলাৰ পাছত সেইবোৰ অবৈধ অনলাইন গেমিং এপৰ লেনদেনতো ব্যৱহাৰ কৰা হৈছে।

এই ঘটনাৰ সৈতে মকবুল, মনোৱাৰা, ইছলাম উদ্দিন, ৰেজাউল হক, সুনিতা বেগম আৰু মৰজিনা বেগম নামৰ কেইবাগৰাকী লোক জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি, ভুৱা চিম কাৰ্ড আৰু বেংক একাউণ্টৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধনৰ লেনদেন চলি আহিছিল।
ইতিমধ্যে এই চক্ৰটোৰ বিৰুদ্ধে একাংশ ভুক্তভোগী মহিলাই ৰামদিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ঘটনাৰ তদন্তৰ পাছত আৰক্ষীয়ে ৰেজাউল হক আৰু মকবুল আলীক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। আনহাতে, সুনিতা বেগম আৰু মৰজিনা বেগম বৰ্তমান পলাতক হৈ আছে বুলি অভিযোগকাৰীসকলে জানিবলৈ দিছে।
চৰকাৰী আঁচনিৰ সুবিধা প্ৰদানৰ নামত সাধাৰণ লোকৰ নথি-পত্ৰ ব্যৱহাৰ কৰি এনে ধৰণৰ জালিয়াতি সংঘটিত হোৱাৰ অভিযোগে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। সমগ্ৰ ঘটনাটোৰ নিৰপেক্ষ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগীসকলে।
