LPG Cylinder ৰাজ্যত পুনৰ উন্মোচিত হৈছে গৃহস্থালীৰ এলপিজি (ৰঙা) ছিলিণ্ডাৰৰ কথিত ক’লা বজাৰৰ অভিযোগ। কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ফুলুং মেডিকেল চকৰ সমীপত নিশা সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।

স্থানীয় লোকৰ অভিযোগ অনুসৰি, এখন বাহনত বৃহৎ সংখ্যক গৃহস্থালীৰ এলপিজি ছিলিণ্ডাৰ চোৰাংভাৱে কঢ়িয়াই নিয়া হৈছিল। সন্দেহ হোৱাত ৰাইজে বাহনখন আটক কৰিবলৈ চেষ্টা কৰে। সেই সময়তে চালকে বাহনখন লৈ পলায়ন কৰে যদিও পিছত উত্তৰ গুৱাহাটী আৰক্ষীয়ে বাহনখন উদ্ধাৰ কৰি জব্দ কৰে।

স্থানীয় একাংশ লোকে অভিযোগ কৰিছে যে এই চক্ৰটোৱে উত্তৰ গুৱাহাটী, দৰং জিলাৰ কুৰুৱা আৰু আন কেইবাটাও স্থানলৈ গৃহস্থালীৰ ব্যৱহাৰৰ এলপিজি ছিলিণ্ডাৰ অবৈধভাৱে সৰবৰাহ কৰি অধিক মূল্যত বিক্ৰী কৰি আহিছে।
অভিযোগ অনুসৰি, এই অবৈধ ব্যৱসায়ৰ সৈতে ধৰ্মেন্দ্ৰ ডেকা, “বাইদেউ” ওৰফে ৰিণিকি কুমাৰ আৰু কৈলাশ নামৰ কেইবাজনো জড়িত। এই অভিযোগসমূহৰ স্বতন্ত্ৰভাৱে নিশ্চিতকৰণ এতিয়ালৈকে হোৱা নাই।
আনহাতে, ঘটনাস্থলীত উপস্থিত থকা লোকসকলে দাবী কৰে যে ধৰা পৰা এজন ব্যক্তিয়ে জেৰাৰ সময়ত স্বীকাৰ কৰিছে যে গৃহস্থালীৰ এলপিজি ছিলিণ্ডাৰ ১,৮০০ টকাৰ পৰা ২,২০০ টকা বা তাতোকৈ অধিক মূল্যত ক’লা বজাৰত বিক্ৰী কৰা হয়। এই দাবীৰো চৰকাৰীভাৱে নিশ্চিতকৰণ হোৱা নাই।
উল্লেখ্য যে, গৃহস্থালীৰ বাবে ভৰ্তুকিযুক্ত এলপিজি ছিলিণ্ডাৰ বাণিজ্যিক উদ্দেশ্যে অবৈধভাৱে বিক্ৰী বা ব্যৱহাৰ কৰাটো আইনৰ দৃষ্টিত দণ্ডনীয় অপৰাধ।
ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এতিয়া এই অভিযোগৰ ভিত্তিত কামৰূপ জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়াই লক্ষ্যণীয় হ’ব।
