পাণ্ডু মহাবিদ্যালয়ৰ অধ্যাপকৰ ৰহস্যজনক মৃত্যু

পাণ্ডু মহাবিদ্যালয়ৰ অধ্যাপকৰ ৰহস্যজনক মৃত্যু

পাণ্ডু মহাবিদ্যালয়ৰ অধ্যাপকৰ ৰহস্যজনক মৃত্যু

পাণ্ডু মহাবিদ্যালয়ৰ ৰাসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক প্ৰাঞ্জল ভূঞাৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, পাণ্ডু মহাবিদ্যালয়ৰ বয়জ হোষ্টেলৰ ছুপাৰিণ্টেণ্ডেণ্ট হিচাপেও দায়িত্ব পালন কৰি আছিল প্ৰাঞ্জল ভূঞাই। তেওঁক মহাবিদ্যালয়ৰ চৰকাৰী আৱাসত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে জালুকবাৰী আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা প্ৰয়োজনীয় তথ্য-প্ৰমাণ সংগ্ৰহ কৰাৰ লগতে ঘটনাটোৰ আঁৰৰ কাৰণ জানিবলৈ তদন্ত অব্যাহত ৰাখিছে।

অধ্যাপকগৰাকীৰ মৃত্যুৰ ঘটনাই পাণ্ডু মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থী মহলত শোকৰ ছাঁ পেলাইছে। মৃত্যুৰ প্ৰকৃত কাৰণ আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top