গৌৰীপুৰত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক *মৃ*ত্যু*
হত্যাৰ অভিযোগত এজাহাৰ দাখিল, এজন যুৱকক আটক কৰি সোধা-পোছা আৰক্ষীৰ
ধুবুৰী জিলাৰ গৌৰীপুৰত এগৰাকী ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত যুৱতীগৰাকীৰ নাম লুবনা আহাদ শেখ বুলি জানিব পৰা গৈছে।

পৰিয়ালৰ অভিযোগ অনুসৰি, গোসাঁইগাঁৱৰ সমেৰ আলী নামৰ এজন যুৱকে লুবনাক কোনো ক্ষতিকাৰক বস্তু খুৱাইছিল। ইয়াৰ পিছতে যুৱকজনে লুবনাক চিকিৎসালয়লৈ লৈ যোৱাৰ চেষ্টা কৰে যদিও চিকিৎসালয়ত ভৰ্তি কৰাৰ পূৰ্বেই তেওঁৰ মৃত্যু হয় বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে।

পৰিয়ালৰ দাবী, লুবনাৰ মৃত্যুৰ আঁৰত হত্যাৰ ঘটনা থাকিব পাৰে। ঘটনাটোক লৈ ইতিমধ্যে গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মৃত যুৱতীগৰাকীৰ পৰিয়ালে।
ইফালে, পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে সমেৰ আলীক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে হত্যাৰ সম্ভাৱনাকে ধৰি বিভিন্ন দিশত তদন্ত আৰম্ভ কৰিছে।

মৃত যুৱতীগৰাকীৰ পৰিয়ালে ঘটনাৰ উচিত তদন্ত কৰি দোষী ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
অৱশ্যে লুবনাৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। প’ষ্টমৰ্টেম ৰিপ’ৰ্ট আৰু তদন্তৰ ফলাফল পোহৰলৈ অহাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ নিশ্চিত হ’ব।
১৯ বছৰীয়া এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সমগ্ৰ গৌৰীপুৰ অঞ্চলতে শোক আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে।
