Barpeta বৰপেটাৰ আলোপতিত বোৱাৰীক ধৰ্ষণৰ চেষ্টা আৰু আক্ৰমণৰ অভিযোগ, তদন্ত আৰম্ভ আৰক্ষীৰ
বৰপেটা জিলাৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাতনাপাইতি গাঁৱত এগৰাকী বিবাহিত মহিলাক ধৰ্ষণৰ চেষ্টা আৰু পৰৱৰ্তী সময়ত পৰিয়ালৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
অভিযোগ অনুসৰি, একেখন গাঁৱৰে হানিফ আলী নামৰ এজন লোকে বিগত প্ৰায় এবছৰ ধৰি ভাতনাপাইতি গাঁৱৰ বাসিন্দা হৰোফ আলীৰ পত্নী হালিমা খাতুনক বিভিন্ন সময়ত হাৰাশাস্তি আৰু অপদস্থ কৰি আহিছিল।

ভুক্তভোগী পৰিয়ালৰ অভিযোগ অনুসৰি, যোৱা সোমবাৰে নিশা প্ৰায় ১১ বজাত অভিযুক্তই নিশাৰ আন্ধাৰৰ সুযোগ লৈ হৰোফ আলীৰ ঘৰত অনাধিকাৰভাৱে প্ৰৱেশ কৰি হালিমা খাতুনক বলপূৰ্বকভাৱে অপদস্থ কৰাৰ চেষ্টা চলায়। সেই সময়তে পৰিয়ালৰ সদস্যসকলে অভিযুক্তজনক আটক কৰি ৰচিৰে বান্ধি ৰাখে।
পৰৱৰ্তী সময়ত অভিযুক্তৰ পৰিয়ালৰ সদস্যসকলে গৃহস্থৰ ঘৰৰ বেৰ ভাঙি ঘৰত প্ৰৱেশ কৰি আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই আক্ৰমণত তিনিজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগতে নগদ প্ৰায় দুই লাখ টকা আৰু কিছু সোণৰ অলংকাৰ লৈ যোৱাৰো অভিযোগ তুলিছে ভুক্তভোগী পৰিয়ালে। আঘাতপ্ৰাপ্ত তিনিওজন বৰ্তমান চিকিৎসাধীন হৈ আছে।

ঘটনাক কেন্দ্ৰ কৰি ভুক্তভোগী পৰিয়ালটোৱে আলোপতি চৰ আৰক্ষী থানাত মুখ্য অভিযুক্ত হানিফ আলীৰ বিৰুদ্ধে ধৰ্ষণৰ চেষ্টা আৰু হাকিম আলী, জাফৰ আলী, আকচেৰ আলী, স্বাইজুদ্দিন, তাইজুদ্দিন, আনোৱাৰ হোছেইনকে ধৰি আন কেইবাজনৰ বিৰুদ্ধে আক্ৰমণ, ভাঙচুৰ আৰু লুণ্ঠনৰ অভিযোগেৰে এখন লিখিত এজাহাৰ দাখিল কৰিছে।
আৰক্ষীয়ে জনোৱা মতে, এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। অভিযোগসমূহৰ সত্যতা তদন্তৰ অন্ততহে স্পষ্ট হ’ব।
ইফালে, ভুক্তভোগী পৰিয়ালটোৱে দোষীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰি ন্যায় প্ৰদানৰ দাবী জনাইছে।
