হেঙেৰাবাৰীত ন-বোৱাৰীৰ ৰহস্যজনক মৃত্যু, স্বামীক নিশাই আটক
গুৱাহাটীৰ হেঙেৰাবাৰীত এগৰাকী ন-বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত ন-বোৱাৰীগৰাকীৰ নাম ৰিম্পী কলিতা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, মাত্ৰ দুমাহ পূৰ্বে হীৰকজ্যোতি ডেকা নামৰ যুৱকজনৰ সৈতে আইনী বিবাহপাশত আবদ্ধ হৈছিল ৰিম্পী কলিতা। বিবাহৰ পিছত দুয়ো হেঙেৰাবাৰীৰ সংযোগ পথৰ হাউচ নম্বৰ ৯ত ভাড়াতীয়া হিচাপে বাস কৰি আছিল।

ঘটনাৰ নিশা চালক হিচাপে কৰ্মৰত স্বামী হীৰকজ্যোতি ডেকা গুৱাহাটীৰ পৰা জুবিনক্ষেত্ৰলৈ ওলাই গৈছিল। নিশা ঘৰলৈ উভতি অহাৰ পিছত পত্নী ৰিম্পী কলিতাক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে বুলি জানিব পৰা গৈছে।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে আৰক্ষীয়ে নিশাই স্বামী হীৰকজ্যোতি ডেকাক আটক কৰে।
উল্লেখ্য যে হীৰকজ্যোতি ডেকাৰ ঘৰ ৰামদিয়াত, আনহাতে ৰিম্পী কলিতাৰ ঘৰ বামুন্দীত বুলি জানিব পৰা গৈছে। বিবাহৰ পিছৰে পৰা ৰিম্পীৰ পৰিয়ালৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হৈ পৰিছিল বুলিও জানিব পৰা গৈছে।

ইফালে, ৰিম্পী কলিতাৰ পৰিয়ালে এই ঘটনাক স্বাভাৱিক মৃত্যু বুলি মানি লোৱা নাই। পৰিয়ালৰ অভিযোগ—এয়া এক পৰিকল্পিত হত্যাকাণ্ড হ’ব পাৰে।
অৱশ্যে, ন-বোৱাৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তৰ পিছতহে ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন হোৱাৰ সম্ভাৱনা আছে।
