ৰুগীয়া পত্নীক নিৰ্যাতন কৰি হত্যাৰ অভিযোগ কৃষি বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে
নগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ থকা পত্নীক স্বামীয়ে নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

অভিযোগৰ আঙুলি নগাঁও জিলা কৃষি বিভাগৰ কৰ্মচাৰী ৰজত বৰাৰ বিৰুদ্ধে। পৰিয়ালৰ অভিযোগ অনুসৰি, ৰজত বৰাই প্ৰায়ে সুৰামক্ত অৱস্থাত অসুস্থ পত্নী জ্যোৎস্না লস্কৰৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছিল।

কেৱল সেয়াই নহয়, ৰুগীয়া পত্নীক উপযুক্ত চিকিৎসা আৰু যত্নৰ পৰিৱৰ্তে নিৰ্যাতন চলোৱাৰ অভিযোগো উত্থাপন কৰিছে পৰিয়ালটোৱে। এই নিৰ্যাতনৰ ফলতেই জ্যোৎস্নাৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে।
ঘটনাটোক কেন্দ্ৰ কৰি নগাঁৱত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। অভিযুক্ত ৰজত বৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে জ্যোৎস্নাৰ পৰিয়ালে।
অৱশ্যে, এই অভিযোগৰ সত্যতা আৰু জ্যোৎস্না লস্কৰৰ মৃত্যুৰ প্ৰকৃত কাৰণ তদন্তৰ পিছতহে স্পষ্ট হ’ব। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য।
