ফাঁচী বজাৰত মহিলাৰ বেগত পিষ্টলৰ গুলী-মেগজিন উদ্ধাৰ

স্বামীৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰু নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ মহিলাগৰাকীৰ
গুৱাহাটীৰ ফাঁচী বজাৰত এগৰাকী মহিলাৰ বেগৰ পৰা পিষ্টলৰ গুলী আৰু মেগজিন উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য। বেগত গুলী আৰু মেগজিন লৈ ফাঁচী বজাৰত ঘূৰি ফুৰাৰ অভিযোগত আৰক্ষীয়ে মহিলাগৰাকীৰ পৰা সামগ্ৰীখিনি জব্দ কৰে।
ঘটনাৰ পিছতে দিছপুৰ আৰক্ষীয়ে গুলী আৰু মেগজিন জব্দ কৰি ৫৭৭/২৬ নম্বৰত এটা গোচৰ ৰুজু কৰে। গোচৰৰ তদন্তৰ অংশ হিচাপে মহিলাগৰাকীক থানালৈ তলব কৰে আৰক্ষীয়ে।
ইফালে, সমগ্ৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ খুলিছে মহিলাগৰাকীয়ে। নিজৰ বেগত উদ্ধাৰ হোৱা গুলী আৰু মেগজিনৰ বিষয়ে তেওঁ একো অৱগত নহয় বুলি দাবী কৰে। এয়া এক পৰিকল্পিত ষড়যন্ত্ৰ বুলিও অভিযোগ কৰে মহিলাগৰাকীয়ে।
মহিলাগৰাকীৰ অভিযোগ অনুসৰি, তেওঁৰ স্বামী জিতু কুমাৰে ষড়যন্ত্ৰ কৰি গুলী আৰু মেগজিন স্কুটীত ভৰাই থৈছিল। দীৰ্ঘদিন ধৰি স্বামীয়ে তেওঁক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই অহাৰো অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে।
কেৱল এয়াই নহয়, ২০১৬ চনত জিতু কুমাৰে মিছা কথা কৈ তেওঁক বিবাহ কৰাইছিল বুলিও অভিযোগ কৰে মহিলাগৰাকীয়ে। তেওঁৰ দাবী অনুসৰি, জিতু কুমাৰে পূৰ্বে দুবাৰকৈ বিবাহপাশত আবদ্ধ হৈছিল আৰু দুটাকৈ সন্তানৰ পিতৃ।
মহিলাগৰাকীৰ অভিযোগ, পূৰ্বৰ বিবাহ বিচ্ছেদ নোহোৱাকৈয়ে জিতু কুমাৰে তেওঁক পুনৰ বিবাহ কৰাইছিল। পৰৱৰ্তী সময়ত এই বিষয়টো পোহৰলৈ অহাৰ পিছতে দুয়োৰে মাজত সংঘাতৰ সূচনা হয়।
মহিলাগৰাকীয়ে লগতে অভিযোগ কৰে যে, সেই সময়ৰ পৰাই জিতু কুমাৰে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ ওপৰত অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছে।
এতিয়া ফাঁচী বজাৰত মহিলাগৰাকীৰ বেগৰ পৰা উদ্ধাৰ হোৱা পিষ্টলৰ গুলী আৰু মেগজিনৰ ঘটনাই নতুন মোৰ লৈছে। মহিলাগৰাকীৰ অভিযোগ সঁচা নে ঘটনাটোৰ আঁৰত আন কোনো ৰহস্য লুকাই আছে, সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।
