
পুনৰ বিতৰ্কত মৰিগাঁও স্বাস্থ্য বিভাগ ,দীৰ্ঘদিন আশা কৰ্মীৰ দায়িত্ব পালন কৰা মহিলাৰ স্থানত আন এগৰাকীক নিয়োগৰ অভিযোগ
পুনৰ বিতৰ্কত সোমাই পৰিছে মৰিগাঁও জিলা স্বাস্থ্য বিভাগ। দীৰ্ঘদিন ধৰি আশা কৰ্মীৰ দায়িত্ব পালন কৰি অহা এগৰাকী মহিলাৰ স্থানত আন এগৰাকী মহিলাক নিয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে।
অভিযোগ অনুসৰি, প্ৰায় ডেৰ বছৰ ধৰি আশা কৰ্মী হিচাপে দায়িত্ব পালন কৰি আহিছিল ৰৌচনাৰা বেগমে। কিন্তু কিছুদিন পূৰ্বে হঠাৎ তেওঁৰ দায়িত্বত আন এগৰাকী মহিলাক নিয়োগ কৰে বিভাগে। এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

জানিব পৰা মতে, ৰৌচনাৰা বেগমৰ মাতৃ জাহানাৰা বেগম অসুস্থ হৈ হাত-ভৰি বিকল হৈ পৰাত, বিভাগীয় নিৰ্দেশনা অনুসৰি মাতৃৰ হৈ ৰৌচনাৰা বেগমে আশা কৰ্মীৰ দায়িত্বসমূহ পালন কৰি আহিছিল। প্ৰায় ডেৰ বছৰ ধৰি দায়িত্ব পালন কৰাৰ পিছত হঠাৎ তেওঁৰ স্থানত আন এগৰাকীক নিয়োগ কৰাত ক্ষোভ প্ৰকাশ কৰিছে ৰৌচনাৰা বেগমে।
ইতিমধ্যে বিষয়টো সন্দৰ্ভত ন্যায় বিচাৰি মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ লগতে জিলা আয়ুক্তৰ ওচৰত লিখিত আবেদন দাখিল কৰিছে ৰৌচনাৰা বেগমে।
দীৰ্ঘদিন ধৰি আশা কৰ্মীৰ দায়িত্ব পালন কৰি অহাৰ পিছতো কিয় তেওঁৰ স্থানত আন এগৰাকীক নিয়োগ কৰা হ’ল আৰু এই সিদ্ধান্ত বিভাগীয়ভাৱে কেনেদৰে গ্ৰহণ কৰা হ’ল—সেয়াই এতিয়া মূল প্ৰশ্ন হৈ পৰিছে।
ঘটনাটোৰ উচিত তদন্ত কৰি সমগ্ৰ বিষয়টো স্পষ্ট কৰাৰ লগতে ন্যায়সংগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰৌচনাৰা বেগমে। এতিয়া এই অভিযোগৰ সন্দৰ্ভত মৰিগাঁও জিলা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।
