লখিমপুৰৰ কলেজ চাৰিআলিত পৰকীয়া সম্পৰ্কক কেন্দ্ৰ কৰি উত্তেজনা । Extra-marital affair

লখিমপুৰৰ কলেজ চাৰিআলিত পৰকীয়া সম্পৰ্কক কেন্দ্ৰ কৰি উত্তেজনা । Extra-marital affair

Extra-marital affair লখিমপুৰৰ কলেজ চাৰিআলিত পৰকীয়া সম্পৰ্কক কেন্দ্ৰ কৰি উত্তেজনা

লখিমপুৰৰ কলেজ চাৰিআলিত বুধবাৰে পৰকীয়া সম্পৰ্কৰ অভিযোগক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অভিযোগ অনুসৰি, এজন বিবাহিত পুৰুষক আন এগৰাকী মহিলাৰ সৈতে প্ৰথমা পত্নী আৰু জাগৃত নাৰী শক্তিৰ সদস্যাসকলে হাতে-লোটে ধৰে।

প্ৰত্যক্ষদৰ্শীৰ মতে, ঘটনাস্থলত দুই পক্ষৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। প্ৰথমা পত্নীয়ে অভিযোগ কৰে যে, স্বামীয়ে তেওঁক এৰি আন এগৰাকী বিধৱা মহিলাক সেন্দুৰ পিন্ধাই পত্নীৰ মৰ্যাদা দিছে। লগতে সংশ্লিষ্ট মহিলাগৰাকীয়ে তেওঁৰ স্বামীক নিয়মীয়াকৈ নিজৰ ওচৰলৈ মাতি নিয়াৰো অভিযোগ উত্থাপন কৰে।

ঘটনাস্থলত আবেগিক হৈ প্ৰথমা পত্নীয়ে কয় যে এই ঘটনাই তেওঁৰ সংসাৰ আৰু জীৱন সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে। তেওঁ লগতে দাবী কৰে যে তেওঁৰ স্বামী আদালতত তৰণীৰ কামত নিয়োজিত।

ঘটনাক কেন্দ্ৰ কৰি কিছু সময়ৰ বাবে কলেজ চাৰিআলিত ভিৰ আৰু উত্তেজনাৰ সৃষ্টি হয়। যদিও অভিযোগসমূহৰ সত্যতা স্বাধীনভাৱে নিশ্চিত হোৱা নাই। ঘটনাটোক লৈ আৰক্ষীয়ে কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা হৈছে নে নাই, সেয়াও তাৎক্ষণিকভাৱে নিশ্চিত হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top