N24 ASSAMত বাতৰি প্ৰকাশৰ পিছতে সক্ৰিয় কমাৰগাঁও পঞ্চায়ত, বিতৰ্কিত আঁচনিৰ কাম পৰ্যবেক্ষণ সাতজনীয়া দলৰ

N24 ASSAMত বাতৰি প্ৰকাশৰ পিছতে সক্ৰিয় কমাৰগাঁও পঞ্চায়ত, বিতৰ্কিত আঁচনিৰ কাম পৰ্যবেক্ষণ সাতজনীয়া দলৰ

N24 ASSAMত বাতৰি প্ৰকাশ হোৱাৰ পিছতেই সক্ৰিয় হৈ পৰে কমাৰগাঁও গাঁও পঞ্চায়ত। পঞ্চায়তৰ অন্তৰ্গত বন্দুৰা অঞ্চলত জব কাৰ্ড আঁচনিৰ কামক কেন্দ্ৰ কৰি উত্থাপিত হোৱা বিতৰ্ক আৰু অভিযোগৰ পৰিপ্ৰেক্ষিতত আঁচনিৰ কামসমূহ পৰ্যবেক্ষণ কৰিবলৈ কমাৰগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী সুপ্ৰিয়া ৰয়ৰ নেতৃত্বত এটা সাতজনীয়া দল ঘটনাস্থলীত উপস্থিত হয়।

পৰ্যবেক্ষণকাৰী দলটোত পঞ্চায়তৰ উপ-সভাপতি জবাইদুল, গাঁও পঞ্চায়তৰ জিআৰএছ (GRS)ৰ লগতে স্থানীয় দুজন-এজন ব্যক্তিও উপস্থিত আছিল। দলটোৱে বিতৰ্কিত আঁচনিৰ বিভিন্ন কাম পৰিদৰ্শন কৰি বাস্তৱ পৰিস্থিতিৰ বুজ লয়।

পৰ্যবেক্ষণৰ অন্তত পঞ্চায়তৰ সভানেত্ৰী সুপ্ৰিয়া ৰয় আৰু জিআৰএছে জানিবলৈ দিয়ে যে সংশ্লিষ্ট আঁচনিসমূহত এতিয়াও কিছু পৰিমাণৰ ধন মুকলি হ’বলৈ বাকী আছে। সেইবাবে কোনো কোনো কাম সম্পূৰ্ণ হোৱা নাই যদিও আঁচনিসমূহ অসম্পূৰ্ণ অৱস্থাত এৰি দিয়া নহ’ব বুলি তেওঁলোকে স্পষ্ট কৰে। ধন মুকলি হোৱাৰ লগে লগে বাকী থকা কামসমূহ সম্পূৰ্ণ কৰা হ’ব বুলিও তেওঁলোকে আশ্বাস দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top