বিবাহ বিচ্ছেদ নকৰাকৈ আন মহিলাৰ সৈতে পলাই যোৱাৰ অভিযোগ BSF জোৱানৰ বিৰুদ্ধে, মুখ্যমন্ত্ৰীৰ ওচৰত ন্যায়ৰ আহ্বান পত্নীৰ
কামৰূপ জিলাত এগৰাকী BSF জোৱানৰ বিৰুদ্ধে বিবাহ বিচ্ছেদ নকৰাকৈ আন এগৰাকী মহিলাৰ সৈতে পলাই যোৱাৰ অভিযোগ উত্থাপিত হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযুক্ত জোৱানজন ডিমু-ডোবোক অঞ্চলৰ বাসিন্দা আব্দুল ৰহমান ফাৰুক বুলি জানিব পৰা গৈছে।

ভুক্তভোগী পত্নীৰ অভিযোগ অনুসৰি, আইনগতভাৱে বিবাহ বিচ্ছেদ নকৰাকৈয়ে স্বামী আব্দুল ৰহমান ফাৰুকে আন এগৰাকী মহিলাৰ সৈতে পলাই গৈছে। ইয়াৰ পূৰ্বেও পৰকীয়া সম্পৰ্কক কেন্দ্ৰ কৰি তেওঁ পত্নীৰ ওপৰত অকথ্য মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাইছিল বুলিও অভিযোগ উত্থাপন কৰিছে।

ভুক্তভোগী মহিলাগৰাকীয়ে কোচত সৰু পুত্ৰ সন্তানক লৈ ন্যায় বিচাৰি বিভিন্ন দফতৰত কাষ চাপিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বহুবিবাহ আৰু নাৰীৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি, এই ঘটনাতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাতৰ আহ্বান জনাইছে।
ঘটনাটোক লৈ স্থানীয় অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভুক্তভোগী পত্নীয়ে অভিযুক্ত BSF জোৱানৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰি নিজ আৰু সন্তানৰ ন্যায় নিশ্চিত কৰাৰ দাবী জনাইছে।
