লাইভত আহি কান্দি ভাঙিল কণ্ঠশিল্পী শৰ্মীলা মহন্ত — পিতৃৰ চিকিৎসাৰ বাবে জনসাধাৰণৰ ওচৰত সহায়ৰ আবেদন । Sarmila Mahanta

লাইভত আহি কান্দি ভাঙিল কণ্ঠশিল্পী শৰ্মীলা মহন্ত — পিতৃৰ চিকিৎসাৰ বাবে জনসাধাৰণৰ ওচৰত সহায়ৰ আবেদন । Sarmila Mahanta

Sarmila Mahanta লাইভত আহি কান্দি ভাঙিল কণ্ঠশিল্পী শৰ্মীলা মহন্ত — পিতৃৰ চিকিৎসাৰ বাবে জনসাধাৰণৰ ওচৰত সহায়ৰ আবেদন


অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী শৰ্মীলা মহন্তই শনিবাৰে নিশা সামাজিক মাধ্যমত লাইভত আহি আৱেগিকভাৱে নিজৰ পৰিয়ালৰ সংকটৰ কথা প্ৰকাশ কৰে। লাইভ অনুষ্ঠানত তেওঁৰ ভগ্নীয়েও উপস্থিত থাকি পৰিয়ালটোৰ পিতৃৰ দুৰৱস্থাৰ বিষয়ে অৱগত কৰে।

লাইভত আৱেগেৰে ভাঙি পৰি শৰ্মীলা মহন্তই কয়, “মোৰ দেউতা বৰ্তমান জীৱনৰ লগত যুঁজি আছে।” তেওঁ জনায় যে পিতৃৰ উন্নত চিকিৎসাৰ বাবে বিপুল ধনৰ প্ৰয়োজন হৈছে আৰু এই সময়ত পৰিয়ালটো সাংঘাতিক আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে।

শৰ্মীলাই জনসাধাৰণৰ ওচৰত সহায়ৰ আবেদন জনাই কয়, “কোনোলোকে যদি সামান্যও সহায় কৰিব পাৰে, সেইয়াও আমাৰ বাবে বহুত ডাঙৰ সহায় হ’ব।” তেওঁ লগতে সহায় আগবঢ়াব বিচৰা লোকসকলৰ সুবিধাৰ বাবে নিজৰ জি-পে নম্বৰ 8402936387 শ্বেয়াৰ কৰি দয়া কৰি পৰিয়ালটোক এই সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ অনুৰোধ জনায়।

লাইভ সম্প্ৰচাৰৰ পিছতে বহু অনুৰাগী আৰু শুভাকাংক্ষীয়ে সামাজিক মাধ্যমত শৰ্মীলা মহন্তৰ পিতৃৰ আশু আৰোগ্য কামনা কৰাৰ লগতে পৰিয়ালটোৰ প্ৰতি সমবেদনা আৰু সহায়ৰ আশ্বাস জনোৱা দেখা যায়।

উল্লেখ্য যে, এই আবেদনসমূহ কণ্ঠশিল্পীগৰাকীয়ে নিজেই সামাজিক মাধ্যমত লাইভ যোগে জনসাধাৰণৰ ওচৰত আগবঢ়াইছে। পৰিয়ালটোৰ এই কঠিন সময়ত সহায়ৰ হাত আগবঢ়াবলৈ তেওঁ সকলো শুভাকাংক্ষীক আন্তৰিক অনুৰোধ জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top