শিক্ষক পদত থাকিও বজাৰৰ লেচি! মৈৰাবাৰীত জিয়াদুল ইছলামৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ প্ৰতিক্ৰিয়া

শিক্ষক পদত থাকিও বজাৰৰ লেচি! মৈৰাবাৰীত জিয়াদুল ইছলামৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ প্ৰতিক্ৰিয়া

শিক্ষক পদত থাকিও বজাৰৰ লেচি! মৈৰাবাৰীত জিয়াদুল ইছলামৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ প্ৰতিক্ৰিয়া

মৰিগাঁও জিলাৰ মৈৰাবাৰী বজাৰৰ লেচি জিয়াদুল ইছলামৰ বিৰুদ্ধে শিক্ষকতাৰ দায়িত্ব পালন কৰাৰ সমান্তৰালভাৱে বজাৰৰ লেচিৰ পদত অধিষ্ঠিত থকাৰ অভিযোগ উত্থাপিত হোৱাত অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অভিযোগ অনুসৰি, জিয়াদুল ইছলাম ধলাপাৰা এম ই মাদ্ৰাছাত শিক্ষক হিচাপে কৰ্মৰত হৈ থকাৰ উপৰিও মৈৰাবাৰী বজাৰৰ লেচিৰ দায়িত্ব পালন কৰি আহিছে। স্থানীয় সচেতন মহলৰ অভিযোগ, ২০২৫-২৬ বৰ্ষৰ বাবে অনুষ্ঠিত নিবিদা প্ৰক্ৰিয়াত তেওঁ মৈৰাবাৰী বজাৰৰ লেচিৰ দায়িত্ব লাভ কৰিছিল।

অভিযোগত আৰু কোৱা হৈছে যে, এক বছৰৰ নিবিদাৰ ম্যাদ শেষ হোৱাৰ পাছতো ধনবল আৰু প্ৰভাৱ খটুৱাই তেওঁ পুনৰ এমাহৰ বাবে বজাৰখন নিজৰ দখলত ৰাখিবলৈ সক্ষম হয়। ইয়াৰ ফলত নিবিদা প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু নিয়ম-নীতি সন্দৰ্ভত বিভিন্ন মহলত প্ৰশ্ন উত্থাপিত হৈছে।

এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় সচেতন মহলে বিষয়টোৰ নিৰপেক্ষ তদন্তৰ দাবী জনোৱাৰ লগতে মৰিগাঁও জিলাৰ আয়ুক্তৰ হস্তক্ষেপ বিচাৰিছে। অভিযোগসমূহৰ সত্যতা সম্পৰ্কে সংশ্লিষ্ট প্ৰশাসনৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া লাভ হোৱা নাই।

অভিযোগসমূহৰ সত্যতা প্ৰশাসনিক তদন্তৰ পিছতহে স্পষ্ট হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top