মহানগৰীৰ হোমষ্টেত অষ্টম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ অভিযোগ

মহানগৰীৰ হোমষ্টেত অষ্টম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ অভিযোগ

মহানগৰীৰ হোমষ্টেত অষ্টম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ অভিযোগ

গুৱাহাটীৰ সাউকুছিৰ এখন হোমষ্টেত অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

অভিযোগ অনুসৰি, কামৰূপৰ পচৰীয়াৰ ছাত্ৰীগৰাকী দেওবাৰে দুপৰীয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল। পৰৱৰ্তী সময়ত সোমবাৰে পুৱতি নিশা পাণবজাৰৰ শুক্লেশ্বৰ ঘাটৰ পৰা আৰক্ষীয়ে নাবালিকাগৰাকীক উদ্ধাৰ কৰে।

জানিব পৰা মতে, গোৱালপাৰাৰ পৰমেশ্বৰ নাথ নামৰ এজন যুৱকে শিঙিমাৰীৰ পৰা ছাত্ৰীগৰাকীক ফুচুলাই সাউকুছিৰ ৰংমন গ্ৰেণ্ড হোমষ্টেলৈ লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, উক্ত স্থানত নাবালিকাগৰাকীৰ ওপৰত নিৰ্যাতন চলোৱাৰ পিছত তেওঁক শুক্লেশ্বৰ ঘাটৰ ওচৰত এৰি থৈ যোৱা হয়।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পৰমেশ্বৰ নাথসহ মুঠ তিনিজন লোকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। আটকাধীন আন দুজন বিশাল আৰু লক্ষ্যধৰ ৰংমন গ্ৰেণ্ড হোমষ্টেৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে।

ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। তদন্তৰ পিছতহে সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব। নাবালিকাগৰাকীৰ সুৰক্ষা আৰু আইনগত ব্যৱস্থাৰ ক্ষেত্ৰত আৰক্ষীয়ে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top