Crime News । অভয়াপুৰীত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৫২.৭৬ লাখ টকাৰ কেলেংকাৰী!

অভয়াপুৰীত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৫২.৭৬ লাখ টকাৰ কেলেংকাৰী! ।Crime News

Crime News । অভয়াপুৰীত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৫২.৭৬ লাখ টকাৰ কেলেংকাৰী!

SVEP আঁচনিৰ ধন আত্মসাতৰ অভিযোগত সভানেত্ৰী-সম্পাদিকাৰ বিৰুদ্ধে তদন্তৰ দাবী**

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অধীনস্থ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM)-ৰ SVEP (Start-Up Village Entrepreneurship Program) আঁচনিৰ অধীনত প্ৰায় ৫২ লাখ ৭৬ হাজাৰ টকা আত্মসাতৰ এক চাঞ্চল্যকৰ অভিযোগ পোহৰলৈ আহিছে। এই অভিযোগ উত্থাপিত হৈছে BRC-ৰ সভানেত্ৰী মৰজীনা খাতুন আৰু সম্পাদিকা লাইলী বেগমৰ বিৰুদ্ধে।

জানিব পৰা মতে, আঁচনিখনৰ বিত্তীয় হিচাপ পৰীক্ষা (Financial Audit) চলি থকাৰ সময়তে এই বৃহৎ অনিয়ম ধৰা পৰে। কিন্তু অভিযোগ অনুসৰি, অনিয়ম ধৰা পৰাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই অভিযুক্ত দুই মহিলাৰ বিৰুদ্ধে তৎক্ষণাত কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰি সময় দিয়াৰ ঘটনাই বিভিন্ন মহলত সন্দেহৰ সৃষ্টি কৰিছে।

ইফালে, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ BPM ববিতা চেতিয়াই এই ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হ’ব বুলি জানিবলৈ দিয়ে। লগতে, আত্মসাতৰ ঘটনাৰ সৈতে আন কোনো ব্যক্তি বা বিভাগীয় বিষয়া জড়িত আছে নেকি, সেয়াও তদন্তৰ জৰিয়তে স্পষ্ট হ’ব বুলি তেওঁ উল্লেখ কৰে।

উল্লেখযোগ্য যে, হিতাধিকাৰীৰ স্বনিয়োজন আৰু গ্ৰাম্য উদ্যোগ গঢ়ি তোলাৰ উদ্দেশ্যে চৰকাৰে প্ৰদান কৰা এই ধন কেনেদৰে ইমান সহজে উলিয়াই আত্মসাৎ কৰা হ’ল, সেই বিষয়েও বহু প্ৰশ্ন উত্থাপিত হৈছে। কেৱল সভানেত্ৰী আৰু সম্পাদিকাই নে আন কোনো বিভাগীয় কৰ্মচাৰী বা বিষয়াও এই কেলেংকাৰীৰ সৈতে জড়িত, সেয়া তদন্তৰ পিছতহে স্পষ্ট হ’ব।

ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে এই ঘটনাৰ নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে দোষীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top