নলবাৰী এগৰাকী জনপ্ৰিয় যুৱক জিম ট্ৰেইনাৰ কাৰ্তিক কাশ্যপৰ অকাল মৃত্যুৰ ৰহস্য ফাদিল ।
ধনৰ লেনদেনৰ বাবে অকাল মৃত্যুক সাৱতিলে নলবাৰী এজন সুঠাম যুৱকে ।
মৃত্যুৰ আগমুহুৰ্তত কাৰ্তিকে নিজৰ মোৱাইলত ভিডিও কৰি ৰাখি গল প্ৰমাণ ।
উল্লেখযোগ্য যে যোৱা ৬ জুলাইত মৃত্যু হৈছিল নলবাৰীৰ ভদ্ৰা গাঁও নিবাসী কৃষ্ণ মজুমদাৰ আৰু মীৰা মজুমদাৰৰ একমাত্ৰ পুত্ৰ জিম ট্ৰেইনাৰ কাৰ্তিক কাশ্যপৰ।

কাৰ্তিকৰ মৃত্যুৰ ১৫ দিন পিছত আজি কাৰ্তিকৰ মাতৃয়ে মাহিয়েকৰ বিৰুদ্ধে নলবাৰী সদৰ থানাত দাখিল কৰে এজাহাৰ ।
নিজ ভগ্নী অৰ্থাৎ কাৰ্তিকৰ নিজৰ মাহিয়েক দীপিকা হাজৰিকাৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ ।

উল্লেখযোগ্য যে ২০২৩ চনত কাৰ্তিক কাশ্যপৰ পৰা নিজ মাহীয়েকে ১৮ লাখ টকা লৈছিল চেয়াৰ মাৰ্কেটত লগোৱাৰ নামত ।

বিগত সময়চোৱাত কাৰ্তিকে সেই ধন ওভোটাই বিছাৰিছিল যদিও নিজ মাহিয়েকে সেই টকা ঘুৰাই নিদিয়াত মানসিক ভাবে ভাগি পৰে । তাৰ পিছত পৰিস্থিতি অৱনতি ঘটি অৱশেষত ৬জুলাইত মৃত্যুক আকোৱালি লয় ।

