‘আৰক্ষীয়ে কঠোৰ চাৰ্জশ্বীট দাখিল কৰক, চাৰ্জশ্বীট কঠোৰ হ’লে ডিফেঞ্চ কৰিবলৈ ভাল’ : ঘনকান্ত গগৈৰ অধিবক্তা

‘আৰক্ষীয়ে কঠোৰ চাৰ্জশ্বীট দাখিল কৰক, চাৰ্জশ্বীট কঠোৰ হ’লে ডিফেঞ্চ কৰিবলৈ ভাল’ : ঘনকান্ত গগৈৰ অধিবক্তা

‘আৰক্ষীয়ে কঠোৰ চাৰ্জশ্বীট দাখিল কৰক, চাৰ্জশ্বীট কঠোৰ হ’লে ডিফেঞ্চ কৰিবলৈ ভাল’ : ঘনকান্ত গগৈৰ অধিবক্তা

গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাক লৈ অব্যাহত আছে আৰক্ষীৰ তদন্ত। মহানগৰ আৰক্ষীৰ জিম্মাত আজি পঞ্চমটো দিন পাৰ কৰিছে অভিযুক্ত ঘনকান্ত গগৈয়ে। লতাশিল থানাত শীৰ্ষ আৰক্ষী বিষয়াৰ নেতৃত্বত অব্যাহত আছে ঘনকান্ত গগৈক মাৰাথন জেৰা।

ইফালে, এই ঘটনাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ অনুসৰি, অভিযুক্ত ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈয়ে আজি পুৱাই ধেমাজি থানাত উপস্থিত হৈ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে জোনমণি গগৈক বিচাৰি অভিযান চলোৱাৰ পিছতে অধিবক্তাক লগত লৈ থানাত উপস্থিত হয় তেওঁ।

জোনমণি গগৈৰ অধিবক্তাই জানিবলৈ দিয়া মতে, আৰক্ষীয়ে বিচৰাৰ বাবেই থানাত হাজিৰ হৈছে জোনমণি। আনহাতে, ঘনকান্ত গগৈৰ অধিবক্তাই জোনমণিয়ে আত্মসমৰ্পণ কৰা নাই বুলি মন্তব্য কৰে। তেওঁৰ মতে, আত্মসমৰ্পণ অপৰাধীয়েহে কৰে। লগতে জোনমণি গগৈৰ জীৱনলৈ ভাবুকি অহা বুলিও মন্তব্য কৰে অধিবক্তাজনে।

আনহাতে, হোটেল বিলাস ইনত সংঘটিত হত্যাকাণ্ডৰ গোচৰত আৰক্ষীক কঠোৰ চাৰ্জশ্বীট দাখিল কৰিবলৈ আহ্বান জনাইছে ঘনকান্ত গগৈৰ অধিবক্তাই। অধিবক্তাজনৰ মন্তব্য, ‘আৰক্ষীয়ে কঠোৰ চাৰ্জশ্বীট দাখিল কৰক, চাৰ্জশ্বীট কঠোৰ হ’লে ডিফেঞ্চ কৰিবলৈ ভাল।’

উল্লেখ্য যে, ইয়াৰ পূৰ্বে হত্যাকাৰী ৰামানুজ গোস্বামীৰ হৈও ওকালতি কৰিছিল ঘনকান্ত গগৈৰ অধিবক্তাজনে। ৰামানুজ গোস্বামীৰ হত্যাকাণ্ডৰ সময়ত ঘনকান্তৰ পত্নী জোনমণি গগৈয়ে অধিবক্তাজনক দেখা পাইছিল। সেই সূত্ৰেই অধিবক্তাজনৰ সৈতে যোগাযোগ কৰিছিল জোনমণিয়ে। পৰৱৰ্তী সময়ত ঘনকান্ত গগৈৰ গোচৰতো অধিবক্তাজনক নিয়োগ কৰে পৰিয়ালটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top