Nalbari । মাহীয়েকৰ বাবেই জীৱন শেষ হ’ল ভাগিনৰ! ১৮ লাখ টকাৰ ধাৰক কেন্দ্ৰ কৰি নলবাৰীত চাঞ্চল্য
নলবাৰীৰ এগৰাকী জনপ্ৰিয় জিম ট্ৰেইনাৰ কাৰ্তিক কাশ্যপৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি নতুন মোড় লৈছে ঘটনাই। মৃত্যুৰ ১৫ দিন পিছত কাৰ্তিকৰ মাতৃয়ে নিজ ভগ্নী তথা কাৰ্তিকৰ মাহীয়েক দীপিকা হাজৰিকাৰ বিৰুদ্ধে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছতে ঘটনাটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

অভিযোগ অনুসৰি, ২০২৩ চনত চেয়াৰ মাৰ্কেটত বিনিয়োগ কৰাৰ নামত কাৰ্তিক কাশ্যপৰ পৰা তেওঁৰ মাহীয়েক দীপিকা হাজৰিকাই ধাৰে ১৮ লাখ টকা লৈছিল। কিন্তু পিছত বহুবার ধন ঘূৰাই বিচাৰিলেও অভিযুক্ত মাহীয়েকে সেই ধন পৰিশোধ নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে।

পৰিয়ালৰ দাবী অনুসৰি, ধন ওভতাই নোপোৱাত কাৰ্তিক ক্ৰমাৎ মানসিকভাৱে ভাঙি পৰিছিল। এই মানসিক চাপেই শেষত তেওঁৰ মৃত্যুৰ অন্যতম কাৰণ হৈ পৰে বুলি অভিযোগ কৰিছে পৰিয়ালে।

উল্লেখযোগ্য যে, যোৱা ৬ জুলাইত নলবাৰীৰ ভদ্ৰা গাঁৱৰ নিবাসী কৃষ্ণ মজুমদাৰ আৰু মীৰা মজুমদাৰৰ একমাত্ৰ পুত্ৰ তথা জিম ট্ৰেইনাৰ কাৰ্তিক কাশ্যপৰ মৃত্যু হৈছিল। সেই সময়ত মৃত্যুৰ সঠিক কাৰণ স্পষ্ট হোৱা নাছিল।
পৰিয়ালৰ অভিযোগ অনুসৰি, মৃত্যুৰ পূৰ্বে কাৰ্তিকে নিজৰ মোবাইল ফোনত একাধিক ভিডিঅ’ ৰেকৰ্ড কৰি গৈছিল। সেই ভিডিঅ’সমূহত ধনৰ লেনদেন আৰু মাহীয়েকৰ সৈতে হোৱা বিতৰ্কৰ বিষয় উল্লেখ আছে বুলি দাবী কৰিছে পৰিয়ালৰ সদস্যসকলে। তদন্তৰ স্বাৰ্থত মোবাইলটো আৰক্ষীৰ হাতত দিয়া হৈছে।
মৃত্যুৰ ১৫ দিন পিছত কাৰ্তিকৰ মাতৃয়ে নিজ ভগ্নী দীপিকা হাজৰিকাৰ বিৰুদ্ধে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰি সুবিচাৰৰ দাবী জনাইছে। আৰক্ষীয়ে অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য, পৰিয়ালৰ এই অভিযোগসমূহ এতিয়ালৈকে আৰক্ষীৰ তদন্তৰ অধীনত আছে। অভিযুক্ত পক্ষৰ প্ৰতিক্ৰিয়া এই পৰ্যন্ত প্ৰকাশ পোৱা নাই। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে ঘটনাটোৰ প্ৰকৃত তথ্য স্পষ্ট হ’ব।
