‘অখিল গগৈয়ে গছত উঠাই গুৰি কাটিছে’—জুবিনৰ ন্যায়ৰ যুঁজত অখিল গগৈৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অধিবক্তা ৰাতুল বৰাই
প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ যুঁজক কেন্দ্ৰ কৰি এইবাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে গোচৰটোৰ প্ৰথম এজাহাৰকাৰী অধিবক্তা ৰাতুল বৰাই। অখিল গগৈয়ে প্ৰথমে আইনী যুঁজখন আগবঢ়াই নিয়াৰ বাবে উৎসাহিত কৰিছিল যদিও বৰ্তমান তেওঁৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই বুলি অভিযোগ কৰে অধিবক্তাগৰাকীয়ে।

শুকুৰবাৰে নিজৰ বাসগৃহত অনুষ্ঠিত এখন সংবাদমেলত ৰাতুল বৰাই কয় যে যোৱা ২৫ অক্টোবৰত জুবিন ক্ষেত্ৰত অনুষ্ঠিত প্ৰতিবাদী সভাত জুবিন গাৰ্গৰ ন্যায়ৰ আইনী যুঁজখন তেওঁৰ নেতৃত্বত আগবঢ়াই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সভাখনত উপস্থিত থকা অখিল গগৈ আৰু আন নেতাসকলৰ সৈতে হোৱা আলোচনাৰ ভিত্তিতে তেওঁ এই দায়িত্ব গ্ৰহণ কৰিছিল।
কিন্তু পৰৱৰ্তী সময়ত অখিল গগৈৰ সৈতে যোগাযোগ কৰাত অসুবিধাৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰে ৰাতুল বৰাই। অধিবক্তাগৰাকীয়ে কয়, “মই অখিলক দুই-তিনিবাৰ ফোন মাৰিছোঁ, কিন্তু তেখেতে ফোনটো ৰিচিভ কৰি দিয়া নাই। মোৰ এনেকুৱা লাগিছে যে গছত উঠাই গুৰি কাটি দিলে নেকি!”
কেৱল অখিল গগৈয়েই নহয়, দুলু আহমেদেও তেওঁৰ ফোন ৰিচিভ কৰা নাই বুলি সংবাদমেলত অভিযোগ কৰে ৰাতুল বৰাই। দুয়োগৰাকীয়ে প্ৰথমে আইনী যুঁজখনত আগবঢ়াই নিয়াৰ বাবে তেওঁক উৎসাহিত কৰিছিল যদিও এতিয়া সঁহাৰি লাভ কৰা নাই বুলি তেওঁ জানিবলৈ দিয়ে।
অৱশ্যে এনে পৰিস্থিতিতো জুবিনৰ ন্যায়ৰ যুঁজৰ পৰা পিছুৱাই নাহে বুলি স্পষ্ট কৰি দিয়ে অধিবক্তাগৰাকীয়ে। তেওঁ কয়, “অসমৰ ৰাইজক মই কথা দিছোঁ, সেইবাবে মই পিছুৱাই অহা নাই। জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজখনত মই যুঁজ দিমেই।”
ইফালে, এই আইনী যুঁজ আগবঢ়াই নিয়াৰ বাবে ৰাইজৰ পৰা আৰ্থিক সহায়ো বিচাৰিছে ৰাতুল বৰাই। তেওঁৰ মতে, গোচৰটোৰ প্ৰায় ১২ হাজাৰ পৃষ্ঠাৰ অভিযোগনামাৰ প্ৰতিলিপি আৰু ১৩০জনতকৈ অধিক সাক্ষীৰ সাক্ষ্যৰ প্ৰতিলিপি সংগ্ৰহ কৰিব লাগিব। ইয়াৰ উপৰি ফটোকপি, প্ৰুফ ৰিডিং, আদালতৰ মাচুল আৰু অধিবক্তাৰ মাচুলৰ বাবেও যথেষ্ট ধনৰ প্ৰয়োজন হ’ব।
সংবাদমেলত অধিবক্তাগৰাকীয়ে জানিবলৈ দিয়ে যে অহা ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়লৈ যোৱাৰ পৰিকল্পনা কৰিছে। আনহাতে, বৰ্তমানৰ অভিযোগনামাখনক লৈ অসন্তুষ্টি প্ৰকাশ কৰি এখন শক্তিশালী অতিৰিক্ত অভিযোগনামাৰ দাবীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলিও ঘোষণা কৰে।
জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত আইনী যুঁজ অব্যাহত ৰখাৰ সংকল্পৰ লগতে অখিল গগৈ আৰু দুলু আহমেদৰ পৰা সহযোগিতা নোপোৱাৰ অভিযোগে নতুনকৈ চৰ্চা লাভ কৰিছে।
