No.1 Bajwi Hotel , Changsari । কি চলে ৰঙিয়াৰ মৰাণজানাৰ ১ নং বাজৈ হোটেলত?
স্থানীয় লোকৰ সহযোগত আৰক্ষীৰ অভিযান, অনৈতিক কাৰ্যকলাপৰ অভিযোগত ৫জন গ্ৰেপ্তাৰ
ৰঙিয়াৰ মৰাণজানা অঞ্চলৰ ১ নং বাজৈ হোটেলত অনৈতিক কাৰ্যকলাপ চলি থকাৰ অভিযোগত আৰক্ষীয়ে অভিযান চলাই চাঞ্চল্যকৰ সফলতা লাভ কৰিছে। স্থানীয় একাংশ লোকৰ অভিযোগ আৰু সহযোগিতাৰ ভিত্তিত ৰঙিয়া আৰক্ষীৰ এটা দলে হোটেলখনত অভিযান চলায়।

অভিযানকালত হোটেলখনৰ কাষৰ কেবিনৰ পৰা অসংযত অৱস্থাত থকা বুলি আৰক্ষীয়ে অভিযোগ কৰা চাৰিজন যুৱক-যুৱতীক আটক কৰা হয়। পিছত আৰক্ষীয়ে তেওঁলোকক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে।
ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত বাজৈ হোটেলৰ মেনেজাৰকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে ৰঙিয়া থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু হোটেলখনত দীৰ্ঘদিন ধৰি এনে কাৰ্যকলাপ চলি আছিল নেকি, অথবা ইয়াৰ সৈতে আন কোনো ব্যক্তি জড়িত আছে নেকি, সেই বিষয়েও তদন্ত অব্যাহত আছে।
স্থানীয় ৰাইজে অভিযোগ কৰিছে যে, অঞ্চলটোত এনে কাৰ্যকলাপৰ বাবে সামাজিক পৰিৱেশ বিঘ্নিত হৈ আহিছিল। সেয়েহে আৰক্ষীয়ে সময়মতে অভিযান চলোৱাত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ভৱিষ্যতেও এনে অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে।
উল্লেখযোগ্য যে, গ্ৰেপ্তাৰ হোৱা আটাইকেইজনক আইনী প্ৰক্ৰিয়াৰ অধীনত আদালতত হাজিৰ কৰোৱা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। তদন্ত সম্পূৰ্ণ নোহোৱালৈকে অভিযোগসমূহ আদালতৰ বিচাৰাধীন বিষয় হিচাপে গণ্য কৰা হ’ব।
