মাজদিয়া আৰক্ষীৰ জালত ধৰ্ষণকাৰী ।
কিশোৰীৰে যৌন সম্পৰ্ক কৰা ভিডিঅ’ নিৰ্মাণ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল ।
বৰপেটা জিলাৰ মাজদিয়া আৰক্ষীৰ জালত পৰিছে এটা ধৰ্ষণকাৰী । ২০ বছৰীয়া ধৰ্ষণকাৰী পাষণ্ডটো বৰপেটা জিলাৰ পালহাজীৰ আৰিফুল আলী বুলি জানিব পৰা গৈছে । পাষণ্ড আৰিফুলে এগৰাকী ১৪ বছৰীয়া কিশোৰীক প্ৰেমৰ জালত পেলাই ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
কিশোৰীগৰাকীৰ স’তে পাষণ্ড আৰিফুল আলীৰ চিনাকি হয় আৰু প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে । কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে উক্ত প্ৰেমৰ সম্পৰ্ক জানিব পাৰি কিশোৰীগৰাকীৰ স’তে সম্পৰ্ক ৰক্ষা কৰি নচলিবলৈ আৰিফুল আলীক সকিয়াই দিছিল কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে।
কিশোৰীগৰাকীৰ স’তে প্ৰেমৰ সম্পৰ্ক ৰক্ষা নকৰোঁ বুলি আৰিফুল আলীয়ে প্ৰতিশ্ৰুতি দিছিল যদিও ভুক্তভোগী কিশোৰীগৰাকীয়ে আৰিফুল আলীৰ স’তে সম্পৰ্ক ৰক্ষা নকৰাৰ বাবে কিশোৰীগৰাকীক ভয়-ভাবুকি প্ৰদান কৰিছিল আৰিফুল আলীয়ে।
কিছুদিন পূৰ্বে কিশোৰীগৰাকীৰ স’তে পাষণ্ড আৰিফুল আলীয়ে যৌন সম্পৰ্ক কৰাৰ লগতে যৌন সম্পৰ্ক কৰাৰ ১ ঘন্টা ৪০ মিনিটৰ এটি ভিডিঅ’ কিশোৰী গৰাকীৰ অজ্ঞাতে সামাজিক মাধ্যমত ভাইৰেল কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে । সমগ্ৰ ঘটনা সম্পৰ্কত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছে।
ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত সৰ্থেবাৰী থানাত ৬৫/২৬ নম্বৰত গোচৰ আৰু পোকছো আইনৰ ৪/১৪ ধাৰাৰ অধীনত ৰুজু হৈছে গোচৰ।
উক্ত গোচৰৰ ভিত্তিত মাজদিয়া আৰক্ষীয়ে পাষণ্ড আৰিফুল আলীক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে ।
