Gauhati Press Club গুৱাহাটীত এগৰাকী সাংবাদিকৰ সৈতে হোৱা কথিত দুৰ্ব্যৱহাৰৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সাংবাদিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনাৰ প্ৰতিবাদত গুৱাহাটী প্ৰেছ ক্লাৱৰ চৌহদত আজি সাংবাদিকসকলে এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।
প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰা সাংবাদিকসকলে অভিযোগ কৰে যে, সংবাদমেললৈ সাংবাদিকক আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ জনোৱাৰ পিছত জনস্বাৰ্থ জড়িত বিষয়ত প্ৰশ্ন সোধাৰ বাবেই এগৰাকী সাংবাদিকক অপমান আৰু দুৰ্ব্যৱহাৰ কৰা হৈছে। তেওঁলোকৰ মতে, প্ৰশ্ন কৰাটো সাংবাদিকৰ সাংবিধানিক আৰু পেছাগত অধিকাৰ, আৰু সেই অধিকাৰ খৰ্ব কৰাৰ যিকোনো চেষ্টা গণতান্ত্ৰিক মূল্যবোধৰ পৰিপন্থী।
প্ৰতিবাদকাৰীসকলে স্পষ্টভাৱে কয় যে, সাংবাদিকক কৰা এনে দুৰ্ব্যৱহাৰ কোনো কাৰণতে মানি লোৱা নহ’ব। তেওঁলোকে অভিযুক্ত IPS বিষয়া সম্ভাৱী মিশ্ৰৰ বিৰুদ্ধে আৰক্ষীৰ শীৰ্ষ মহলে উপযুক্ত তদন্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়।
ইয়াৰ উপৰিও, ভুক্তভোগী সাংবাদিকক ন্যায় প্ৰদান কৰাৰ লগতে ভৱিষ্যতে যাতে কোনো সাংবাদিকক নিজৰ কৰ্তব্য পালন কৰাৰ সময়ত হাৰাশাস্তি বা দুৰ্ব্যৱহাৰৰ সন্মুখীন হ’ব নালাগে, তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী উত্থাপন কৰা হয়।
প্ৰতিবাদী সভাত বক্তাসকলে কয় যে, স্বাধীন আৰু দায়িত্বশীল সংবাদ মাধ্যম গণতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। সেয়েহে সাংবাদিকৰ প্ৰশ্ন কৰাৰ অধিকাৰ আৰু সংবাদ সংগ্ৰহৰ স্বাধীনতা সুৰক্ষিত ৰখাটো সকলো পক্ষৰ দায়িত্ব। তেওঁলোকে পুনৰ স্পষ্ট কৰি দিয়ে যে, সাংবাদিকক কৰা যিকোনো অপমান, নিগ্ৰহ বা দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে সাংবাদিক সমাজ ঐক্যবদ্ধভাৱে প্ৰতিবাদ অব্যাহত ৰাখিব।
