শিৱসাগৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ*ৰ অভিযোগ, পলাতক ফুচকা ব্যৱসায়ীক ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিলে

শিৱসাগৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ*ৰ অভিযোগ, পলাতক ফুচকা ব্যৱসায়ীক ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিলে

শিৱসাগৰত ১২ বছৰীয়া কিশোৰীক ধ*ৰ্ষ*ণ*ৰ অভিযোগ, পলাতক ফুচকা ব্যৱসায়ীক ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিলে

শিৱসাগৰ চহৰৰ টেলীপট্টী অঞ্চলত ১২ বছৰীয়া এগৰাকী কিশোৰীক ধ*ৰ্ষ*ণ কৰাৰ অভিযোগত এজন ফুচকা ব্যৱসায়ীক কৰায়ত্ত কৰি আৰক্ষীৰ হাতত চমজাই দিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অভিযুক্তজনৰ নাম হৰিৰাম ৰায় (৪৮)। তেওঁ বিহাৰৰ সমষ্টিপুৰ জিলাৰ বাসিন্দা আৰু দীৰ্ঘদিন ধৰি শিৱসাগৰত ফুচকা ব্যৱসায় কৰি আহিছিল।

অভিযোগ অনুসৰি, টেলীপট্টী অঞ্চলত অভিযুক্ত হৰিৰাম ৰায়ে ১২ বছৰীয়া এগৰাকী নাবালিকাক ধৰ্ষণ কৰে। ঘটনাৰ বিষয়ে কিশোৰীগৰাকীয়ে পৰিয়ালৰ সদস্যক অৱগত কৰাৰ পিছতেই অভিযুক্তজন পলায়ন কৰে।

প্ৰায় তিনিদিন ধৰি পলাতক অৱস্থাত থকাৰ পিছত শুকুৰবাৰে নাজিৰাৰ বালিঘাট অঞ্চলৰ পৰা স্থানীয় বিহাৰী সম্প্ৰদায়ৰ লোকসকলে হৰিৰাম ৰায়ক কৰায়ত্ত কৰে। পিছত উত্তম মাধ্যম সোধাই তেওঁক শিৱসাগৰ সদৰ আৰক্ষীৰ হাতত চমজাই দিয়ে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে অভিযুক্তক নিজৰ জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে। নাবালিকা জড়িত থকাৰ বাবে গোচৰটোৰ তদন্ত পক্‌ছ’ (POCSO) আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত আগবঢ়োৱা হোৱাৰ সম্ভাৱনা আছে।

এই জঘন্য ঘটনাই শিৱসাগৰ চহৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ সকলো দিশত তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top