Assam Budget 2026 -27 । বিধানসভাত দাখিল হ’ল ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
বাজেটত বহু ডাঙৰ ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।
অসমৰ প্ৰতিটো ক্ষেত্ৰৰ ওপৰত বাজেটত বহু গুৰুত্বপূৰ্ণ ঘোষণা কৰে জয়ন্ত মল্লবৰুৱাই।
কোন বিভাগলৈ কিমান টকা আবণ্টনৰ প্ৰস্তাৱ বাজেটত?
– পাৰ্বত্য উন্নয়ন বিভাগলৈ ২৫৭৫ কোটি টকা আবণ্টন প্ৰস্তাৱ।
– গৃহ আৰু ৰাজনৈতিক বিভাগলৈ ৭৮৩৫ কোটি টকা আবণ্টন প্ৰস্তাৱ।
– গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগলৈ ৪৪১৩ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগলৈ ১৭২ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– উদ্ভাৱন, ইনকিউবেচন আৰু ষ্টাৰ্টআপ বিভাগলৈ ৭০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগলৈ ১৫৫৭ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– জলসিঞ্চন বিভাগলৈ ৯৫৪ কোটি টকা আবণ্টন।
– আধুনিক পদ্ধতিৰে উপযুক্ত ন্যায় প্ৰদানৰ লক্ষ্যৰে ন্যায়িক বিভাগলৈ ৮৩২ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– খনি আৰু খনিজ সম্পদ বিভাগলৈ ২০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– চিকিৎসা শিক্ষা আৰু গৱেষণ বিভাগলৈ ৩৫৩৫ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগলৈ ৯১৭১ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– শক্তি বিভাগলৈ ২৫৭৯ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– লোকনিৰ্মাণ বিভাগলৈ ১০,৩৯৯ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– লোক নিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগলৈ ২৪১৬ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– লোকনিৰ্মাণ (স্বাস্থ্য আৰু শিক্ষা) বিভাগলৈ ৯৭৪ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ ২৯৮২ কোটি টকা আবণ্টন দিয়াৰ প্ৰস্তাৱ।
– ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগলৈ ৩৮৩১ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগলৈ ৯৭ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– বিদ্যালয় শিক্ষা বিভাগলৈ ১৮,৮৬৯ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগলৈ ৪৯৬ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগলৈ ২০২ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– ভূমি সংৰক্ষণ বিভাগলৈ ১৫২ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগলৈ ৪৮৯ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– পৰিবহণ বিভাগলৈ ৪৮৮ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– ৰূপান্তৰ আৰু উন্নয়ন বিভাগলৈ ৩৭০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– জনজাতীয় পৰিক্ৰমা (ভৈয়াম) বিভাগলৈ ৮০৮ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– জলসম্পদ বিভাগলৈ ১৬৭০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– বড়োলেণ্ড কল্যাণ বিভাগলৈ ৪০২৮ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগলৈ ৭৮ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– মহিলা আৰু শিশু উন্নয়ন বিভাগলৈ ৩৮০০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
Assam Budget 2026-27: বাজেটৰ গুৰুত্বপূৰ্ণ বিষয়
– সমবায় বিভাগলৈ বাজেটত ১৭২ কোটি টকা আবণ্টন।
– পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগলৈ ৯৭০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– আবকাৰী প্ৰশাসনৰ সংস্কাৰ আৰু বলৱৎকৰণৰ বাবে আবকাৰী বিভাগলৈ ৮৮ কোটি টকা আবণ্টন।
– খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগলৈ ৯৯৪ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– মীন বিভাগলৈ উৎপাদন বৃদ্ধি, মীনপালকসকলৰ সবলীকৰণৰ বাবে ১৪৪ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– সাধাৰণ প্ৰশাসন বিভাগলৈ ১১৮০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– হস্ততাঁত, বস্ত্ৰ আৰু ৰেচন বিভাগলৈ ২৭৪ কোটি টকা আবণ্টন কৰাৰ প্ৰস্তাৱ।
– স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগলৈ ৪,৬৩৫ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
– ৩খন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ লগতে পলিটেকনিকসমূহত আৰু ১৭টা উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰা হ’ব। উচ্চ শিক্ষা বিভাগলৈ ৩,৭৯৮ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।

Assam Budget 2026-27: কৃষকসকলৰ বাবে ‘অসম কৃষি উন্নয়ন অভিযান’ আৰম্ভ কৰাৰ সিদ্ধান্ত
– ২৬খন জিলালৈ সম্প্ৰসাৰণ কৰা হ’ব গজ মিত্ৰ ২.০ আঁচনি।
– অহা ৫ বছৰত প্ৰতিখন গাঁও পঞ্চায়তত ১ কিলোমিটাৰকৈ পকী গ্ৰাম্য পথ নিৰ্মাণৰ লক্ষ্য।
– ভাৰত-বাংলাদেশ আৰু ভাৰত-ভূটান সীমান্তৰ কাষৰীয়া অঞ্চলত ‘সীমান্ত হাট’ স্থাপনৰ লক্ষ্য।
– প্ৰশাসনীয় সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা ওজৰ আপত্তি বিভাগলৈ ২৪,৫৩০ টকা আবণ্টন।
– কৃষকসকলৰ বাবে ‘অসম কৃষি উন্নয়ন অভিযান’ আৰম্ভ কৰাৰ সিদ্ধান্ত।
– গাঁও পঞ্চায়তসমূহত ‘প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ’ স্থাপনৰ লক্ষ্য। ইয়াৰ বাবে ১৭৮৯ কোটি টকা আবণ্টন।
– পশুপালন আৰু পশু চিকিৎসা বিভাগলৈ ৭৩১ কোটি টকা আবণ্টন।
– ভাৰত-বাংলাদেশ আৰু ভাৰত-ভূটান সীমান্তৱৰ্তী ৯খন জিলাৰ ১৪০খন গাঁৱত ‘ভাইব্ৰেণ্ট ভিলেজেছ কাৰ্যসূচী-২’ ৰূপায়ণ কৰা হ’ব।
Assam Budget 2026-27: নতুন ৰূপত খেল মহাৰণ ৩.০ আৰম্ভ কৰাৰ প্ৰস্তাৱ
– ভাৰতৰ প্ৰতিখন ৰাজ্য আৰু স্বায়ত্তশাসিত অঞ্চলৰ ৰাজধানী চহৰত নিভাঁজ থলুৱা অসমীয়া খাদ্যৰ বিপণী খোলাৰ বাবে উদ্যমী ব্যক্তিসকলক উৎসাহিত কৰাৰ প্ৰস্তাৱ।
– ‘অসম চাহ আৰু গ’ল্ফ ট্ৰেইল’ৰ শুভাৰম্ভ কৰাৰ প্ৰস্তাৱ।
– নতুন ৰূপত খেল মহাৰণ ৩.০ আৰম্ভ কৰাৰ প্ৰস্তাৱ।
– অসমীয়া চিনেমা, সাহিত্য, লোক সংগীত, তথ্যচিত্ৰ আৰু অন্যান্য সাংস্কৃতিক সম্পদসমূহৰ সংৰক্ষণ, প্ৰসাৰ আৰু বিশ্বজোৰা প্ৰদৰ্শনৰ বাবে বিশেষ অ’টিটি প্লেটফৰ্ম ৰূপায়ণ কৰা হ’ব।
– দৃশ্যকলাৰ বাবে অসম ললিত কলা একাডেমী স্থাপনৰ পদক্ষেপ গ্ৰহণ।
– ৰবীন্দ্ৰ ভৱনক পুনৰুজ্জীৱিত কৰা হ’ব। শীঘ্ৰে পুনৰ মুকলি হ’ব ৰবীন্দ্ৰ ভৱন।
– ‘হস্তীবিদ্যাৰ্ণৱ’ আৰু ‘কাঠি-বান চেং’ পাণ্ডুলিপিসমূহক ২০২৭ৰ পৰা ২০২৯ চনৰ ভিতৰত ইউনেস্ক’ৰ ‘বিশ্ব স্মৃতি পঞ্জী’ত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য।
– বনাঞ্চলত আকাশমাৰ্গেৰে বীজ সিঁচা প্ৰক্ৰিয়া আৰম্ভ কৰিব চৰকাৰে।
Assam Budget 2026-27: ঢকুৱাখনাত ৮.৪৪ কোটি টকা ব্যয়েৰে এখন মুগা ৰেচম পৰ্যটন উদ্যোগ
কৃষিজাত সামগ্ৰীৰ প্ৰসাৰক লৈ বাজেটত গুৰুত্বপূৰ্ণ ঘোষণা :
– জি আই শ্ৰেণীত অধিক সামগ্ৰী অন্তৰ্ভুক্ত কৰাৰ বাবে কাম কৰিব চৰকাৰে।
– ১২,০০০ হেক্টৰ ভূমি জৈৱিক প্ৰমাণীকৰণৰ অধীনলৈ অনাৰ পৰিকল্পনা।
– অসমক সোণালী মুগাৰ গোলকীয় কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ৪০০ কোটি টকাৰ বিনিয়োগেৰে মিছন চেনেহজৰী নামৰ তিনি বছৰীয়া পদক্ষেপ আৰম্ভ।
– ঢকুৱাখনাত ৮.৪৪ কোটি টকা ব্যয়েৰে এখন মুগা ৰেচম পৰ্যটন উদ্যোগ আৰু ধেমাজিত ১০ কোটি টকা ব্যয়েৰে এটা মুগা স্পান মিল স্থাপন কৰা হ’ব।
