জনপ্ৰিয় গায়ক Zubeen Gargৰ সৈতে জড়িত কথিত হত্যাচেষ্টা গোচৰত পুনৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। বুধবাৰে এই গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন শুনানি সম্পন্ন নহ’ল। আদালতে বৃহস্পতিবাৰে পুনৰ এই আবেদন শুনানি গ্ৰহণ কৰিব।
চৰকাৰী অধিবক্তাই আদালতত দাখিল কৰা তথ্য অনুসৰি, শ্যামকানু মহন্তই পূৰ্বে ই-মেইলযোগে ছিংগাপুৰস্থিত হোটেল কৰ্তৃপক্ষক জুবিন গাৰ্গক সুৰা যোগান নিদিবলৈ অনুৰোধ কৰিছিল। কিন্তু ইয়াৰ বিপৰীতে এক গুৰুত্বপূৰ্ণ তথ্য উন্মোচিত হৈছে যে, প্ৰবাসী অসমীয়া অভিমন্যু তালুকদাৰৰ জৰিয়তে শ্যামকানুৱেই জুবিনলৈ সুৰা যোগান ধৰিছিল।
অভিযোগ অনুসৰি, ছিংগাপুৰলৈ যোৱাৰ পূৰ্বেই শ্যামকানুৱে অভিমন্যুক ‘Black & White’ ব্ৰেণ্ডৰ সুৰাৰ বটল এটা কিনি আনিবলৈ নিৰ্দেশ দিয়ে। অভিমন্যুৱে সেই সুৰাৰ বটল কিনি আনি শ্যামকানুৰ হাতত দিয়ে আৰু পাছত শ্যামকানুৱে সেই বটলটো জুবিন গাৰ্গক প্ৰদান কৰে। উক্ত সুৰা পান কৰাৰ পিছতেই অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ।
এই ঘটনাৰ সন্দৰ্ভত প্ৰবাসী সাক্ষীৰ জবানবন্দীয়ে শ্যামকানুৰ পূৰ্বৰ বক্তব্যক মিথ্যা প্ৰমাণ কৰিছে বুলি আদালতত উল্লেখ কৰে চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে।
ইফালে, বৃহস্পতিবাৰে এই গোচৰৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ পক্ষৰ অধিবক্তাইো জামিন আবেদন দাখিল কৰিব পাৰে বুলি অনুমান কৰা হৈছে।
আনহাতে, শুনানিৰ অন্তত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই স্বামীৰ নিৰ্দোষীত্ব দাবী কৰে। তেওঁৰ মতে, জুবিন গাৰ্গক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ছিংগাপুৰলৈ নিয়াটো কোনো অপৰাধ নহয়।
ঘটনাটোৰ তদন্ত অব্যাহত আছে আৰু আগন্তুক শুনানিত অধিক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
