গুৱাহাটী মহানগৰীত অবৈধভাৱে চলি থকা এক বৃহৎ Escort চাৰ্ভিছ চক্ৰ আৰক্ষীয়ে উন্মোচন কৰিছে। মহানগৰ আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত এই চক্ৰটোৰ সৈতে জড়িত তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।
গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকল হৈছে অভিৰঞ্জন দাস, প্ৰিয়ংকা ৰায় আৰু মিনাক্ষী ৰায়। আৰক্ষীৰ তথ্য অনুসৰি, এই চক্ৰটোৱে গুৱাহাটীত পঢ়িবলৈ অহা যুৱতীসকলক টাৰ্গেট কৰি দীৰ্ঘদিন ধৰি এই অবৈধ কাৰ্য চলাই আহিছিল।
চক্ৰটোৱে প্ৰথমে OLXৰ জৰিয়তে চাকৰিৰ প্ৰলোভন দেখুৱাই যুৱতীসকলক নিজৰ জালত পেলাইছিল। পিছত শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই তেওঁলোকক Escort চাৰ্ভিছত জড়িত কৰিবলৈ বাধ্য কৰা হৈছিল বুলি অভিযোগ উঠিছে।
অভিযোগ অনুসৰি, অভিৰঞ্জন দাসে WhatsAppৰ জৰিয়তে গ্ৰাহকৰ সৈতে যোগাযোগ ৰাখিছিল আৰু ভুক্তভোগী যুৱতীসকলক গ্ৰাহকৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰিছিল। এই চক্ৰটোৰ সৈতে জড়িত প্ৰিয়ংকা ৰায় হৈছে অভিৰঞ্জন দাসৰ প্ৰেমিকা, আৰু মিনাক্ষী ৰায় হৈছে তেওঁৰ পত্নী। দুয়োজনে মিলি যুৱতীসকলক এই অবৈধ কাৰ্যত জড়িত কৰাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিছিল।
চাইবাৰ থানাত ৰুজু হোৱা ৭/২৬ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে দিছপুৰ অঞ্চলত অভিযান চলাই মূল অভিযুক্ত অভিৰঞ্জন দাসসহ তিনিওজনকে গ্ৰেপ্তাৰ কৰে।
উল্লেখযোগ্য যে, এগৰাকী সাহসী ভুক্তভোগী যুৱতীৰ অভিযোগৰ ভিত্তিতেই এই ভয়ংকৰ ঘটনাটো পোহৰলৈ আহে। আৰক্ষীয়ে ঘটনাটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে আৰু এই চক্ৰটোৰ সৈতে জড়িত আন কোনো লোক থাকিলে তেওঁলোককো শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব বুলি জানিবলৈ দিয়ে।
