তেজপুৰত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। গীতাশ্ৰী মহন্ত নামৰ মহিলাগৰাকীয়ে ১৭ দিন ধৰি মৃত্যুৰ সৈতে যুঁজাৰ পিছত গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।
প্ৰাপ্ত তথ্য অনুসৰি, ১৭ দিন পূৰ্বে গীতাশ্ৰীয়ে বিহপান কৰিছিল যদিও স্বামীৰ পৰিয়ালে প্ৰথমে মাতৃগৃহক অন্য ৰোগত অসুস্থ হোৱা বুলি জনাইছিল। প্ৰথমে তেওঁক তেজপুৰৰ কনকলতা সিৱিল হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। গুৱাহাটীৰ ব্যক্তিগত হাস্পতালৰ চিকিৎসা প্ৰতিবেদনত গীতাশ্ৰীয়ে বিহপান কৰাৰ কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে।
কিন্তু অভিযোগ অনুসৰি, স্বামীগৃহৰ লোকে এই তথ্য লুকুৱাব চেষ্টা কৰিছিল। গীতাশ্ৰীৰ পৰিয়ালৰ অভিযোগ মতে, বহুদিন ধৰি যৌতুকৰ নামত ধন দাবী কৰি তেওঁক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলোৱা হৈছিল। ২০২১ চনত এই অত্যাচাৰ সহ্য কৰিব নোৱাৰি গীতাশ্ৰী মাতৃগৃহলৈ উভতি আহিছিল যদিও পিছত পৰিয়ালৰ বুজনিত পুনৰ স্বামীগৃহলৈ গৈছিল।
গড়চুক আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত GMCHত গীতাশ্ৰীৰ মৰোণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। বুধবাৰে বিয়লি মৃতদেহ স্বামীগৃহত লৈ যোৱাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। স্থানীয় ৰাইজ আৰু গীতাশ্ৰীৰ আত্মীয়ই শহুৰেকক জৱাবদিহি কৰাৰ পিছত গীতাশ্ৰীয়ে বিহপান কৰাৰ কথা স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, গীতাশ্ৰী দুইটি সৰু সন্তানৰ মাতৃ—এগৰাকী চাৰে চাৰি বছৰীয়া পুত্ৰ আৰু ডেৰ বছৰীয়া কন্যা সন্তান এৰি তেওঁ এই পৃথিৱী এৰিছে। এই ঘটনাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে—নিজে বিহপান কৰিছিল নে তেওঁক জোৰ কৰি এই কাম কৰিবলৈ বাধ্য কৰা হৈছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
জানিব পৰা মতে, ২০১৯ চনত তেজপুৰ মহাবিদ্যালয়ত পঢ়ি থকা সময়তে ডিপোটা শইকীয়া চুবুৰীৰ প্ৰাণজিৎ শইকীয়াই গীতাশ্ৰীক পলুৱাই আনিছিল আৰু পিছত তেওঁলোকৰ সামাজিকভাৱে বিবাহ সম্পন্ন হোৱা নাছিল। সেই সময়ৰ পৰা স্বামী আৰু স্বামীগৃহৰ লোকৰ অত্যাচাৰ সহি আহিছিল বুলি গীতাশ্ৰীৰ পিতৃ আৰু জ্যেষ্ঠ ভগ্নীয়ে অভিযোগ উত্থাপন কৰিছে।
গীতাশ্ৰীৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত দাবী কৰিছে তেওঁৰ পৰিয়ালে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু আগন্তুক দিনত এই ঘটনাৰ আঁৰৰ সত্য পোহৰলৈ অহাৰ আশা কৰা হৈছে।
