SITৰ অভিযানত শ্যামকানু মহন্তৰ বিত্তীয় জালিয়াতিৰ ভয়ংকৰ তথ্য, CIDয়ে নতুন গোচৰ ৰুজু । CID

SITৰ অভিযানত শ্যামকানু মহন্তৰ বিত্তীয় জালিয়াতিৰ ভয়ংকৰ তথ্য, CIDয়ে নতুন গোচৰ ৰুজু । CID

CID । গুৱাহাটীৰ গীতানগৰত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু মহন্তৰ ঘৰত দুদিনীয়া অভিযান চলালে SIT। অভিযানত উদঘাটিত হৈছে ভয়ংকৰ বিত্তীয় খেলিমেলিৰ তথ্য।

SITৰ সূত্ৰৰ মতে, শ্যামকানু মহন্তই একাধিক ফাৰ্ম আৰু কোম্পানীৰ নামত ব্যৱহাৰ কৰিছিল বিভিন্ন পান কাৰ্ডTrend MMS নামত উদ্ধাৰ হৈছে দুখন পান কাৰ্ড। লগতে উদ্ধাৰ হৈছে বহু বেনামী সম্পত্তিৰ নথিপত্ৰ

অভিযানত চৰকাৰী বিষয়া আৰু বিভিন্ন কোম্পানীৰ নামৰ প্ৰায় ৩০টা ছীল-মোহৰো জব্দ কৰে SIT। অৰ্থাৎ শ্যামকানু মহন্তই নিজৰ ঘৰতেই ৰাখিছিল চৰকাৰী ছীল-মোহৰ, যাৰ জৰিয়তে চলিছিল বহুত অনৈতিক কাৰ্যকলাপ।

তালাচীত উন্মোচিত হৈছে বিত্তীয় অনিয়ম, জালিয়াতি আৰু প্ৰৱঞ্চনাৰ প্ৰমাণ। অনৈতিকভাৱে বিত্তীয় সুবিধা সংগ্ৰহ কৰাৰ বিপুল তথ্য উদ্ধাৰ হৈছে।

ইপিনে, CIDয়ে নতুনকৈ শ্যামকানু মহন্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। শনিবাৰে নিশা CIDৰ SSP আছিফ মহম্মদে শ্যামকানুৰ বিৰুদ্ধে FIR দাখিল কৰে। এই গোচৰৰ তদন্ত কৰিব ASP মৰমী দাসে।

উল্লেখযোগ্য যে, শ্যামকানু মহন্তৰ বিৰুদ্ধে এতিয়ালৈকে প্ৰায় ৬০খন এজাহাৰ দাখিল হৈছে। এতিয়া প্রশ্ন উঠিছে — এই SIT আৰু CIDৰ অনুসন্ধানৰ ফলত “কেঁচু খান্দোতে সাপ ওলাব নেকি?

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top