অসমত কাইলৈ এক পৰ্যায়তে বিধানসভা নিৰ্বাচন: সাজু ৰাজ্য, ৭২২ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ২.৪৯ কোটি ভোটাৰে । VOTE

অসমত কাইলৈ এক পৰ্যায়তে বিধানসভা নিৰ্বাচন: সাজু ৰাজ্য, ৭২২ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ২.৪৯ কোটি ভোটাৰে । VOTE

VOTE । কাইলৈ অৰ্থাৎ ৯ এপ্ৰিলত সমগ্ৰ অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্যখনত একেটা পৰ্যায়তে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইতিমধ্যে নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে।

এইবাৰৰ নিৰ্বাচনত মুঠ ৭২২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ২ কোটি ৪৯ লাখ ৫৮ হাজাৰ ১৩৯ গৰাকী ভোটাৰে নিৰ্ধাৰণ কৰিব ৰাজ্যখনৰ আগন্তুক চৰকাৰ। চূড়ান্ত ভোটাৰ তালিকা অনুসৰি পুৰুষ ভোটাৰৰ সংখ্যা ১,২৪,৮২,২১৩ গৰাকী, মহিলা ভোটাৰৰ সংখ্যা ১,২৪,৭৫,৫৮৩ গৰাকী আৰু তৃতীয় লিংগৰ ৩৩৪ গৰাকী ভোটাৰ অন্তৰ্ভুক্ত আছে।

কাইলৈ পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ। ৰাজ্যজুৰি ৩১ হাজাৰৰো অধিক ভোটগ্ৰহণ কেন্দ্ৰ ইতিমধ্যে সাজু কৰা হৈছে। দূৰৱৰ্তী আৰু দুৰ্গম অঞ্চলসমূহলৈ প্ৰিজাইডিং আৰু প’লিং বিষয়াসকল আজিয়েই ৰাওনা হৈছে যাতে নিৰ্বাচন প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰিব পৰা যায়।

ভোট দিবলৈ কি কি নথি লাগিব?

ভোটদানৰ বাবে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ (EPIC)ৰ লগতে নিৰ্বাচন আয়োগে ১২ বিধ বিকল্প নথিক অনুমোদন জনাইছে। এই নথিসমূহৰ যিকোনো এটা দেখুৱাই ভোটদান কৰিব পাৰিব ভোটাৰসকলে—

  • আধাৰ কাৰ্ড
  • MGNREGAৰ জব কাৰ্ড
  • বেংক বা ডাকঘৰৰ পাছবুক
  • আয়ুষ্মান ভাৰত/স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড
  • ড্ৰাইভিং লাইচেঞ্চ
  • পেন কাৰ্ড
  • ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ স্মাৰ্ট কাৰ্ড
  • ভাৰতীয় পাছপ’ৰ্ট
  • পেঞ্চনৰ নথি (ফটোসহ)
  • চৰকাৰ/PSU/পাব্লিক লিমিটেড কোম্পানীৰ সেৱা পৰিচয় পত্ৰ
  • সংসদ/বিধানসভা/বিধান পৰিষদ সদস্যৰ পৰিচয় পত্ৰ
  • ইউনিক ডিজেবিলিটী আইডি (UDID) কাৰ্ড

নির্বাচন আয়োগে সকলো ভোটাৰক সময়মতে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ গণতান্ত্ৰিক অধিকাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top