ক’লৈ গ’ল শ্যামকানু ? । Shyamkanu Mahanta

Shyamkanu Mahanta । জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হোৱাৰ পাছতেই পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। ছিংগাপুৰত অনুষ্ঠিত নৰ্থ-ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত হঠাৎ অন্তৰ্ধান হৈছে।

যাৰ ফলত অসমৰ শিল্পীসকল আৰু আয়োজক-কৰ্মীসকল বৰ্তমান তীব্ৰ অনিশ্চয়তাৰ মাজত আছে।

প্ৰাপ্ত তথ্য অনুসৰি, ফেষ্টিভেলত অংশ লোৱা শিল্পী আৰু কৰ্মীসহ কমেও ১৮গৰাকী মানুহৰ হাতত এতিয়াও নাই ভাৰতলৈ ওভতনি যাত্ৰাৰ বিমান টিকট।

শ্যামকানু মহন্তৰ সৈতে দুদিন ধৰি কোনো যোগাযোগ কৰিব পৰা নাই। ফেষ্টিভেলৰ বাবে ছিংগাপুৰ গ’লা এইসকল আয়োজক-কৰ্মীৰ নিজৰ খৰচত উভতি অহাৰ পৰ্যাপ্ত ধনো নাই।

এই পৰিস্থিতিৰ ফলত অসমৰ শিল্পী সমাজত ব্যাপক আলোড়ন সৃষ্টি হৈছে।

জুবিন গাৰ্গৰ অকাল মৃত্যুৰ দুখত আৱদ্ধ হৈ থকা অৱস্থাতে নতুনকৈ শ্যামকানু মহন্তৰ অন্তৰ্ধানই ফেষ্টিভেলত অংশ লোৱা অসমীয়াৰ বাবে শংকা আৰু চিন্তার সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top