Zubeen Garg Death । ভাগৰুৱা জুবিনক পানীলৈ কিয় লৈ যোৱা হৈছিল? । সমাধিস্থলীত উপস্থিত হৈ উচুপি উঠিল গৰিমা গাৰ্গৰ প্ৰশ্ন

সোণাপুৰ, সংবাদ:
অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আজি যোৰহাটৰ ঘৰলৈ যোৱাৰ পথত সোণাপুৰৰ সমাধিস্থলীত উপস্থিত হৈ স্বামীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সমাধিস্থলীত উপস্থিত হোৱাৰ লগে লগে নয়নত অশ্ৰু উজলি উঠে তেওঁৰ।
গৰিমাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উচুপি উঠি প্ৰশ্ন তোলে— “ভাগৰুৱা অৱস্থাত জুবিনক পানীলৈ কিয় লৈ যোৱা হৈছিল?”
তেওঁয়ে অনুৰাগী সকলক উদ্দেশ্যি কয়—
- জুবিন সদায় প্ৰকৃতিৰ মাজতেই থাকিবলৈ ভাল পায়, সেয়ে প্ৰকৃতিৰ মাজতেই জীয়াই থাকক।
- ন্যায় ব্যৱস্থাই ক্ষীপ্ৰতাৰে পদক্ষেপ লৈ জুবিনৰ মৃত্যুৰ রহস্য উদঘাটন কৰিব লাগিব।
- জুবিনৰ ন্যায়ৰ প্ৰতিবাদ শান্তিপূৰ্ণ হওক, আইন-শৃংখলা যাতে কোনেও হাতত নলয়।
- সমাধিস্থলীৰ প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰি ৰাখিব লাগিব।
শেষত গৰিমাই উল্লেখ কৰে— “জুবিনৰ বৰ অসমৰ সপোন আমি সকলোৱে বাস্তৱায়িত কৰিব লাগিব।”
