Thailand। অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু । ৰঙিয়াৰ আমিৰ হামজা নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে থাইলেণ্ডত। যুৱকজন যোৱা ২৮ আগষ্টত গুৱাহাটী পৰা নিজৰ বন্ধু নিৰ কাশ্যপৰ সৈতে ভ্ৰমণৰ উদ্দেশ্যে থাইলেণ্ডলৈ গৈছিল।

থাইলেণ্ডৰ কাৰাবি দ্বীপৰ সমীপত উদ্ধাৰ কৰা হৈছে আমিৰ হামজাৰ মৃতদেহ। এই খবৰে তীব্ৰ শোকৰ ছাঁ পেলাইছে পৰিয়াল তথা অঞ্চলটোৰ লোকসমাজত।
আমিৰ হামজাৰ সৈতে থাইলেণ্ডলৈ গৈছিল তেওঁৰ বন্ধু নিৰ কাশ্যপ। মৃত্যুৰ খবৰ প্ৰথমে এই বন্ধু গৰাকীয়ে পৰিয়ালক জনায়। যদিও পৰিয়ালৰ লোকৰ অভিযোগ, স্বাভাৱিকভাৱে মৃত্যু হোৱা নাই আমিৰ হামজাৰ— কিছুমান দুষ্কৃতীয়ে হত্যা কৰিছে বলিয়া সন্দেহ প্ৰকাশ কৰিছে।

ইতিমধ্যে মৃত যুৱকৰ পৰিয়ালে ভাৰতীয় দূতাবাস আৰু অসম মুখ্যমন্ত্ৰীৰ নিকটত আহ্বান জনাইছে যাতে ঘটনার সঠিক তদন্ত হয় আৰু শীঘ্ৰই মৃতদেহটো পৰিয়াললৈ ঘূৰাই আনা হয়।
এই ঘটনা প্ৰতি দেশ-বিদেশত থকা অসমবাসীৰ মাজতো চাঞ্চল্য সৃষ্টি কৰিছে।
