Rape of his Daughter । সমাজক কঁপাই তোলা এটা লোমহর্ষক ঘটনা সংঘটিত হৈছে আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত ৰায়কনাত। পাষণ্ড পিতৃ হালিমচান চাংমাক তেওঁৰ ১৪ বছৰীয়া সতীনীৰ কন্যাৰ সৈতে অশ্লীল সম্পর্ক স্থাপনৰ অভিযোগত গ্ৰেপ্তাৰ কৰি জেল হাজোত প্ৰেৰণ কৰা হৈছে।

তিনিবছৰ পূৰ্বে গাৰো সম্প্ৰদায়ৰ দুখীয়া পৰিয়ালৰ মহিলা এগৰাকীক দ্বিতীয় বিবাহ কৰি সংসাৰ পাতিছিল অভিযুক্তজন। তথাপি দ্বিতীয় পত্নীৰ পূৰ্বৰ কন্যাৰ সৈতে গোপনে অসৎ,চৰিতাৰ্থ চলাই আহিছিল বুলি অভিযোগ উঠিছে। পৰিয়ালৰ লোক আৰু গাঁওবাসীয়ে এই ঘটনাৰ কথা জানিব পোৱাৰ পাছত ৰাজহুৱা আলোচনা চক্ৰ অনুষ্ঠিত কৰি দোষী সাব্যস্ত ব্যক্তিক উত্তম মাধ্যম সোধাই আগিয়া আৰক্ষীক গতাই দিয়ে।

ইতিমধ্যে জানিব পৰা মতে, হালিমচান চাংমাৰ পত্নী আঠ মাহৰ গৰ্ভৱতী। আনহাতে, অভিযুক্তজনৰ বিৰুদ্ধে পূৰ্বেও এনে ধৰণৰ অনৈতিক কাৰ্যত জড়িত হৈ ৰঙাঘৰৰ আলহী হোৱা ঘটনাও ওলাই আহিছে।
নাবালিকা কণ্যা গৰাকীৰ আইতাকে দিয়া এজাহাৰৰ ভিত্তিত আগিয়া আৰক্ষী থানাৰ সহ-আৰক্ষী বিষয়া সনা উল্লাহ শেখে ভাৰতীয় দণ্ডবিধি আৰু পক্সো আইনৰ ধাৰা ৬৪ বি, এন এছ আৰু পক্সো ৬ ৰ অধীনত কেছ ৰুজু কৰে। ইয়াৰ ফলত হালিমচান চাংমাক আদালতৰ আদেশত জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।
গাঁওবাসী আৰু পৰিয়ালৰ লোকসকলে অভিযুক্তজনক উপযুক্ত শাস্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰক দাবী জনাইছে।
