গুৱাহাটী চাঞ্চল্য! GMCHত ৰহস্যময়ী মহিলাৰ মৃত্যু, স্বামীৰ মুখত নতুন তথ্য । Crime News Guwahati

গুৱাহাটী চাঞ্চল্য! GMCHত ৰহস্যময়ী মহিলাৰ মৃত্যু, স্বামীৰ মুখত নতুন তথ্য । Crime News Guwahati

Crime News Guwahati । গুৱাহাটী চাঞ্চল্য! GMCHত ৰহস্যময়ী মহিলাৰ মৃত্যু, স্বামীৰ মুখত নতুন তথ্য

সপোনৰ নগৰী গুৱাহাটীত পুনৰ এক চাঞ্চল্যকৰ ঘটনা। GMCHত এগৰাকী ৰহস্যময়ী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ আলোড়ন।

শনিবাৰে পুৱা GMCHলৈ এজন অট’চালক ইমৰাণে এজনী মহিলাক লৈ আহিছিল। কিন্তু চিকিৎসকে পৰীক্ষা-নিৰীক্ষাৰ পাছতেই মহিলাগৰাকীক মৃত ঘোষণা কৰে। ঘটনাৰ পিছতেই পলায়নৰ চেষ্টা কৰে ইমৰাণ, যদিও চিকিৎসালয়ৰ নিৰাপত্তাৰক্ষীয়ে তেওঁক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। বৰ্তমান ইমৰাণ ভঙাগড় আৰক্ষীৰ জিম্মাত আছে।

বিস্ফোৰক তথ্য উদ্ধাৰ

ইমৰাণক ধৰা পৰাৰ পাছতে আৰক্ষীয়ে তেওঁৰ ম’বাইল পৰীক্ষা কৰি উদ্ধাৰ কৰিছে বহু বিস্ফোৰক তথ্য। উদ্ধাৰ হৈছে—

  • বহু ৰহস্যময়ী যুৱতীৰ ফটো
  • গ্ৰাহকৰ নাম আৰু ফোন নম্বৰ
  • ড্ৰাগছ আৰু হেৰ’ইন সেৱনৰ ফটো

আৰক্ষীৰ সন্দেহ, ইমৰাণ গুৱাহাটীৰ বিভিন্ন বিলাসী পাৰ্টী আৰু লাচিত নগৰৰ হোটেলত যুৱতী যোগান ধৰিছিল। এইবোৰ তথ্যই আৰক্ষীক স্তম্ভিত কৰি তুলিছে।

ড্ৰাগছৰ অভাৰ-ড’জে মৃত্যুৰ কাৰন !

চিকিৎসকে প্রাথমিকভাৱে সন্দেহ প্ৰকাশ কৰিছে যে মহিলাগৰাকীৰ মৃত্যু ড্ৰাগছৰ অভাৰ-ড’জৰ ফলত হৈছে। শনিবাৰে নিশা ইছলামপুৰৰ এখন হোটেলত চলিছিল ৰঙীন বিলাসী পাৰ্টী। সেই পাৰ্টীত নামী-দামী ব্যক্তিৰ উপস্থিতি থাকিবও পাৰে বুলি শঙ্কা কৰা হৈছে।

স্বামীৰ চাঞ্চল্যকৰ বক্তব্য

তেওঁৰ মতে—

“পুৱা মাকৰ অসুখ বুলি কৈছিল। নগাঁও যাওঁ বুলি ওলাই আহিছিল। নিশা মই লগতেই আছিল। আজি মেডিকেলৰ পৰা মৃত্যুৰ খবৰ আহিছে। দুপৰীয়া দুটা আঢ়ৈটা বজাত মই খবৰ পাই আহিছো। ড্ৰাগছৰ কথা মই নাজানো।”

স্বামীৰ এই বক্তব্যৰ পিছত ঘটনাই নতুন দিশ লৈছে। মহিলাগৰাকীৰ মৃত্যু আসলতে ড্ৰাগছৰ অভাৰ-ড’জৰ ফলনে, নে ইয়াৰ অন্তৰত কোনো বৃহৎ চক্র সক্ৰিয়—ইতিমধ্যে প্ৰশ্নবোধক চিহ্ন তুলি দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top