Kailash Pathak । Karisma nath । কলাগুৰুৰ গীত বিকৃতকৰণ : কৰিশ্মা নাথসহ তিনিজনৰ বিৰুদ্ধে এজাহাৰ

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অমৰ গীত বিকৃতকৰণৰ অভিযোগত শিল্পী কৰিশ্মা নাথ, কৈলাশ তালুকদাৰ আৰু মণ্টু ডেকাৰ বিৰুদ্ধে দাখিল হ’ল এজাহাৰ। এজাহাৰটো দাখিল কৰিছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি ন্যাসে।

ন্যাসৰ সভাপতি তথা কলাগুৰুৰ পুত্ৰ হেমৰাজ ৰাভাই জনোৱা মতে, কৰিশ্মা নাথে ফোনযোগে কৈলাশ তালুকদাৰ আৰু মণ্টু ডেকাৰ বিৰুদ্ধে গীত বিকৃতকৰণৰ অভিযোগ উত্থাপন কৰিছিল। যদিও ঘটনাটো সম্পৰ্কে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উঠিছিল, কৰিশ্মা নাথে এতিয়ালৈকে ক্ষমা নোখুজিলে। এই পৰিস্থিতিত ন্যাস বাধ্য হয় তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল ।

হেমৰাজ ৰাভাই লগতে আহ্বান জনাই কয়, “কেৱল কলাগুৰু নহয়, যিকোনো স্বনামধন্য শিল্পীৰ অমৰ সৃষ্টি সস্তীয়া জনপ্ৰিয়তা লাভৰ স্বাৰ্থত বিকৃত নকৰিব। শিল্পকীৰ্তিৰ সন্মান ৰক্ষা কৰা সকলোৰে দায়িত্ব।”
