গণেশ চতুৰ্থী ২০২৫ : সমগ্ৰ দেশত আনন্দ উল্লাসৰে উদযাপন ।Ganesh Chaturthi 

গণেশ চতুৰ্থী ২০২৫ : সমগ্ৰ দেশত আনন্দ উল্লাসৰে উদযাপন ।Ganesh Chaturthi 

Ganesh Chaturthi  । আজি সমগ্ৰ দেশত আনন্দ-উল্লাসৰে পালন কৰা হৈছে গণেশ চতুৰ্থী। ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিত উদযাপন কৰা এই পবিত্ৰ উৎসৱটোৱে ভগৱান গণেশৰ জন্মদিন হিচাপে জনাজাত। এইবাৰ গণেশ চতুৰ্থী ২৭ আগষ্ট, ২০২৫ তাৰিখে অনুষ্ঠিত হৈছে।

মহাৰাষ্ট্ৰ গণেশ উৎসৱৰ প্ৰধান কেন্দ্র হলেও, দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ধুমধামৰে উদযাপন কৰা হৈছে এই উৎসৱ। গুৱাহাটীৰ আমবাৰী নিউ জি এম চি কলনিত স্থাপন কৰা হৈছে ৪১ ফুট উচ্চতাৰ গণপতি বাপ্পাৰ প্ৰতিমা, যি উৎসৱৰ মুখ্য আকর্ষণ হৈ উঠিছে।

তিথি আৰু পূজা মুহুৰ্ত

  • চতুৰ্থী তিথি আৰম্ভ : ২৬ আগষ্ট, ২০২৫ – ৰাতি ০১:৫৪ বজাৰ পৰা
  • চতুৰ্থী তিথি অন্ত : ২৭ আগষ্ট, ২০২৫ – পুৱা ০৩:৪৪ বজালৈ
  • মধ্যাহ্ন গণেশ পূজা মুহুৰ্ত : ২৭ আগষ্ট, ২০২৫ – পুৱা ১১:০৫ বজাৰ পৰা নিশা ০১:৪০ বজালৈ

চন্দ্ৰ দৰ্শন এদিন বিৰত থাকিবৰ বিধান আছে। এইবাৰ ২৬ আগষ্ট পুৱা ০১:৫৪ বজাৰ পৰা নিশা ০৮:২৯ বজালৈ আৰু ২৭ আগষ্ট পুৱা ০৯:২৮ বজাৰ পৰা নিশা ০৮:৫৭ বজালৈ চন্দ্ৰ নেদেখাৰ নিয়ম পালন কৰিব লাগে।

উৎসৱৰ তাৎপৰ্য
হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি গণেশ চতুৰ্থী ভগৱান গণেশৰ জন্মোৎসৱ। ভক্তসকলে এইদিনে ঘৰলৈ গণেশৰ প্ৰতিমা কঢ়িয়াই লৈ আহে আৰু ২ দিন, ৩ দিন, ৫ দিন, ৭ দিন, ১১ দিন বা নিজৰ সুবিধা অনুযায়ী পূজা-অৰ্চনা কৰে। উৎসৱৰ অন্তিম দিনা অনন্ত চতুৰ্দশীত গণেশ বিসৰ্জনৰ দ্বাৰা উৎসৱৰ সামৰণি হয়।

গোৱা, মধ্যপ্ৰদেশ, কৰ্ণাটক আৰু বিশেষকৈ মহাৰাষ্ট্ৰত অত্যন্ত উৎসাহৰ সৈতে উদযাপন কৰা হয় এই পবিত্ৰ উৎসৱ। ২০২৫ চনত গণেশ বিসৰ্জনৰ দিন ধাৰ্য্য হৈছে ৬ ছেপ্টেম্বৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top