Ashok Singhal : ৰাজ্যৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত এতিয়াৰে পৰা ১০০ শতাংশ বিনামূলীয়া ঔষধ উপলব্ধ হ’ব বুলি দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এক সংবাদমেলত স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে ঘোষণা কৰে।

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি,
- ৪৮৭৩টা আয়ুস্মান আৰোগ্য মন্দিৰত ৩০ বিধ অত্যাৱশ্যকীয় ঔষধ,
- ১০১৮খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ১২৫ বিধ ঔষধ,
- ২২১খন সামূহিক স্বাস্থ্য কেন্দ্ৰ, ১৭খন মহকুমা স্বাস্থ্য কেন্দ্ৰ আৰু ২২খন জিলা চিকিৎসালয়ত ২৬১ বিধ ঔষধ,
- আৰু চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত ৩৫২ বিধ অত্যাৱশ্যকীয় ঔষধৰ লগতে ৬৯ বিধ বিশেষ ঔষধ উপলব্ধ থাকিব।
মন্ত্ৰীগৰাকীয়ে জনায়, ৰাজ্যৰ ৯৯ শতাংশ চিকিৎসালয়ত ইতিমধ্যেই অত্যাৱশ্যকীয় ঔষধসমূহ মজুত কৰা হৈছে।
অভিযোগৰ বাবে WhatsApp নম্বৰ
চৰকাৰী ফাৰ্মাচীত ঔষধ নাপালে ৰাইজে 9864541430 নম্বৰত WhatsApp যোগে অভিযোগ জনাব পাৰিব বুলি স্বাস্থ্য মন্ত্ৰীয়ে স্পষ্ট কৰে। লগতে প্ৰতিখন চিকিৎসালয়ৰ ফাৰ্মাচীৰ সন্মুখত ঔষধৰ তালিকা টাঙি ধৰা থাকিব।
মন্ত্ৰীগৰাকীয়ে কিছু চিকিৎসকৰ বিষয়ে উল্লিখিত কৰি কয় যে বহু চিকিৎসকে জেনেৰিক ঔষধৰ সলনি ব্ৰেণ্ডেড ঔষধ লিখি দিয়ে, যাৰ ফলত ৰাইজে চৰকাৰী ফাৰ্মাচীত প্ৰয়োজনীয় ঔষধ নাপায়।
HIV সংক্ৰমণত বৃদ্ধি
একেই সংবাদমেলত অশোক সিংহলে ৰাজ্যত HIV সংক্ৰমণ উদ্বেগজনক হারে বৃদ্ধি পাইছে বুলি মন্তব্য কৰে। তেওঁ কয়, নিষিদ্ধ ড্ৰাগছ ব্যৱহাৰ আৰু অসুৰক্ষিত যৌন সম্পৰ্কই ইয়াৰ প্ৰধান কাৰণ। “একাংশ লোকৰ অসচেতনতাৰ ফলতেই এই সমস্যাই ভয়ংকৰ ৰূপ লৈছে। AIDS নিয়ন্ত্ৰণ সমিতিয়ে প্ৰয়োজনীয় পদক্ষেপ লৈছে, কিন্তু ৰাইজ সচেতন নহ’লে চৰকাৰে এককভাবে নিয়ন্ত্ৰণ কৰিব নোৱাৰে,” বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰে।
