Father, Son Killed In Road Accident । মৰাণত ভয়ংকৰ পথ দূৰ্ঘটনা : পিতা-পুত্ৰৰ মৃত্যু

মৰাণত আজি এক শোকাৱহ পথ দূৰ্ঘটনা সংঘটিত হৈছে। খটখটিৰ চাৰিলেনযুক্ত পথত নিৰ্মীয়মাণ ৰানৱেত ব’লেৰ’ পিকআপ আৰু হুন্দাই এক্সটাৰ বাহনৰ মাজত ভয়ংকৰ মুখামুখি সংঘৰ্ষ ঘটে।

এই ভয়ংকৰ সংঘৰ্ষত মৰাণ পথালিবামৰ বাসিন্দা খগেন বৰুৱা (৪৫) আৰু তেওঁৰ পুত্ৰ যুগল কিশোৰ বৰুৱা (১৩) থিতাতে মৃত্যু বৰণ কৰে। শোকজনক বিষয় হৈছে, যুগল কিশোৰ বৰুৱাই মৰাণ চেন্ট যোচেফ বিদ্যালয়ত অধ্যয়ন কৰি আছিল আৰু পিতৃয়ে বিদ্যালয়লৈ থ’বলৈ আহোঁতে এই দূৰ্ঘটনা সংঘটিত হয়।
পিতৃ-পুত্ৰৰ এই অকাল মৃত্যুতে অঞ্চলজুৰি নেমি আহিছে শোকৰ ছাঁ। স্থানীয় লোকে ঘটনাস্থলীত ভিৰ কৰে আৰু পৰিয়ালজনক সান্ত্বনা দিয়ে।
