Prafulla Kumar Mahanta Family । প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল মহন্তৰ পৰিয়াল পুনৰো বিতৰ্কত আহি পৰিছে। অভিযোগ অনুসৰি বনকৰা লোক ধীৰেণ কলিতাক মহন্তৰ আৱাসত আবদ্ধ কৰি ৰাখা হৈছিল।

সূত্ৰৰ মতে, হাস্পতালত ভর্তি হৈ থকা ধীৰেণ কলিতাৰ পুত্ৰৰ খবৰ ল’বলৈ যোৱা সময়ত মহন্ত পৰিয়ালে তেওঁক অনুমতি নিদিয়ে। ইয়াৰ ফলত ঘটনাটোৱে স্থানীয়ভাবে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

ইয়াৰ বিপৰীতে প্ৰফুল্ল মহন্তৰ জীয়ৰীয়ে ধীৰেণ কলিতাৰ অভিযোগক সম্পূৰ্ণভাৱে নাকচ কৰি কয়—
👉 “ধীৰেণ কলিতাই মিছা মাতিছে।”
👉 “যদি তেওঁক সত্যিই হাৰাশাস্তি কৰা হৈছিল, তেন্তে মেডিকেল পৰীক্ষাত সেয়া প্ৰমাণিত হব।”
👉 “আমাৰ ফালৰ পৰাও দিছপুৰ আৰক্ষী থানাত এজাহাৰ দিয়া হৈছে।”
অভিযোগ আৰু প্ৰত্যুত্তৰে ঘটনাটোক লৈ ৰাজ্যত নতুন বিতৰ্কৰ সৃষ্টি কৰিছে। আৰক্ষীৰ তদন্তৰ পিছত সকলো তথ্য পোহৰলৈ আহিব ।
