Wife । ছত্তিশগড় উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায় – স্বামীৰ সামৰ্থ নাথাকিলেও কপোৰ-অলংকাৰ দাবী কৰিব নোৱাৰে পত্নীয়ে

চাকৰি নথকা, উপাৰ্জন নথকা দুখীয়া স্বামীৰ বাবে আহিছে এক সুখবৰ। পত্নীৰ অনাবশ্যক দাবী আৰু সম্পত্তি-অলংকাৰৰ লোভত দাম্পত্য জীৱন ভাঙি পৰাৰ পৰিপ্ৰেক্ষিতত ছত্তিশগড় উচ্চ ন্যায়ালয়ে দিয়ে এক গুৰুত্বপূৰ্ণ ৰায়।
আদালতে স্পষ্টকৈ কয়—
“স্বামীৰ সামৰ্থ নাথাকিলে পত্নীয়ে কপোৰ-কানি বা অলংকাৰৰ দাবি কৰাৰ কোনো অধিকাৰ নাই। সামৰ্থ্য অনুপাতে দাম্পত্য জীৱন যাপন কৰা উচিত।”
পত্নীগৰাকীয়ে নিজৰ স্বামীৰ উপাৰ্জন নথকাৰ অভিযোগ কৰি বিভিন্ন দাবি দাখিল কৰিছিল। কিন্তু আদালতে সেই দাবীসমূহ অগ্ৰাহ্য কৰি স্পষ্ট শব্দত কয় যে, স্বামী-স্ত্ৰী দুয়ো গোটেইৰ জীৱনযাপন হ’ব লাগে পৰস্পৰৰ সামৰ্থ আৰু পৰিস্থিতি অনুসৰি।
আদালতৰ এই ৰায়ক সমাজৰ বহুত লোকে স্বাগত জনাইছে। বিশেষজ্ঞসকলে মন্তব্য কৰে যে, “টকা আৰু সম্পত্তিৰ লোভত বিবাহ ভাঙি যোৱাৰ প্রবণতা ৰোধ কৰাত এই ৰায় এক সঠিক দিশ প্ৰদান কৰিব।”
