মুখ্যমন্ত্ৰীৰ দ্বাৰা বীৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি উন্মোচন । Himanta Biswa Sarma

মুখ্যমন্ত্ৰীৰ দ্বাৰা বীৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি উন্মোচন । Himanta Biswa Sarma

Himanta Biswa Sarma । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী লৈ নগাঁওত উপস্থিত হয়। প্ৰথমতে মুখ্যমন্ত্ৰীয়ে নগাঁও প্ৰৱেশ দ্বাৰ মুকলি কৰে।

তাৰ পিছত বেবেজীয়া জামুগুৰিত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সহযোগত নিৰ্মিত ১৯৪২ চনৰ বীৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি উন্মোচন কৰে।

প্ৰতিমূৰ্তি উন্মোচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে স্মৃতি তাজা কৰি কয়—
“বীৰ শ্বহীদ মনবৰ নাথ নৱপ্ৰজন্মৰ বাবে ত্যাগ আৰু সাহসৰ অনন্ত প্ৰতীক হৈ থাকিব। আজি এই প্ৰতিমূৰ্তি উন্মোচন কৰি নিজকে মই শুভাগ্যবান বুলি ভাবিছোঁ।”

অনুষ্ঠানটোত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ প্ৰতিখন জিলাৰ সমিতিৰ সদস্যই অংশগ্ৰহণ কৰে। লগতে স্থানীয় ৰাইজৰ ব্যাপক সমাগমে অনুষ্ঠানটোক এক ঐতিহাসিক ৰূপ প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top