Titanic । ভ্ৰাম্যমাণ নাট্যজগতত এক চমকপ্ৰদ অঘটন। বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চলি থকা কহিনুৰ থিয়েটাৰত প্ৰদৰ্শিত ‘টাইটানিক’ নাটক চলি থাকোতেই মঞ্চত আকস্মিকভাৱে জুইৰ সূত্ৰপাত হয়।

সূত্র মতে, বৈদ্যুতিক শ্বৰ্ট-চাৰ্কিটৰ ফলতেই এই জুইৰ সূত্ৰপাত হয়। ক’লা ধোঁৱাই ছানি ধৰিছিল প্ৰেক্ষাগৃহৰ ভিতৰ ভাগ, যাৰ ফলত উপস্থিত ৰাইজত হাহাকাৰৰ পৰিস্থিতি সৃষ্টি হয়। তথাপি থিয়েটাৰৰ টেকনিকেল টীমৰ লগতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি জুই নিৰ্বাপণ কৰে।

এই অঘটনৰ ফলত নাটকখন আধাতে বন্ধ কৰি দিয়া হৈছিল। যদিও কিছু সময় পিছত পুনৰ আৰম্ভ হয় ‘টাইটানিক’ নাট্যাভিনয়ৰ বাকী অংশ।

উল্লেখযোগ্য যে, সোণালী জয়ন্তী নাট্যবৰ্ষৰ বিশেষ পৰিৱেশন হিচাপে কহিনুৰ থিয়েটাৰে এইবাৰ প্ৰণৱ বৰুৱাৰ নাট্যৰূপত হলীউডৰ বিশ্ববিখ্যাত চিনেমা ‘টাইটানিক’ মঞ্চস্থ কৰিছে।

১৭ আগষ্টৰ পৰা আৰম্ভ হোৱা ২০২৫-২৬ বৰ্ষৰ নাট্যযাত্ৰাৰ আৰম্ভণিতে এই অঘটন থিয়েটাৰ প্ৰেমীৰ বাবে এক আতংকজনক অভিজ্ঞতা হৈ পৰিল।

