উত্তৰ গুৱাহাটীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টনৰ নামত কেলেংকাৰীৰ অভিযোগ Pradhan Mantri Awas Yojana

উত্তৰ গুৱাহাটীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টনৰ নামত কেলেংকাৰীৰ অভিযোগ Pradhan Mantri Awas Yojana

Pradhan Mantri Awas Yojana উত্তৰ গুৱাহাটীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টনৰ নামত কেলেংকাৰীৰ অভিযোগ

জালুকবাৰী সমষ্টিৰ উত্তৰ গুৱাহাটীত চৰকাৰী আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনক লৈ ব্যাপক অনিয়মৰ অভিযোগ।

খোদ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিতেই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টনৰ নামত ধন দাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰী আঁচনিৰ হিতাধিকাৰী হ’বলৈ পঞ্চায়ত আৰু ব্লক পৰ্যায়ত ধন বিচৰা বুলি অভিযোগ কৰিছে উত্তৰ গুৱাহাটীৰ ৰূদ্ৰেশ্বৰৰ এগৰাকী দৰিদ্ৰ মহিলাই।

ৰূদ্ৰেশ্বৰৰ বাসিন্দা হিয়া বড়োৰ পৰিয়ালৰ অৱস্থা অতি শোচনীয়। জুপুৰিসদৃশ ঘৰটোৰ টিনপাত ফুটি যোৱাৰ ফলত বৰষুণৰ সময়ত ঘৰৰ ভিতৰতে পানী সোমাই পৰে। টিনপাতৰ ফুটাৰে পানী নোসোমাবলৈ আঁৰি দিয়া পলিথিনখনো এতিয়া পৰিয়ালটোৰ বাবে বিশেষ সহায়ক হোৱা নাই।

দিনহাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া হিয়া বড়োৰ অভিযোগ অনুসৰি, চৰকাৰী বিভিন্ন আঁচনিৰ সুবিধাৰ পৰা তেওঁলোক বঞ্চিত হৈ আহিছে। আনকি তেওঁৰ সন্তানৰ পঢ়া-শুনাৰ বাবেও নাই এখন উপযুক্ত টেবুল। অভাৱ-অনাটনৰ মাজতে মমৰ পোহৰত সন্তানৰ পঢ়া-শুনা চলাবলগীয়া হৈছে পৰিয়ালটোৱে। শেহতীয়াকৈ অৰুণোদয় আঁচনিৰ সুবিধাও কৰ্তন হোৱাত অধিক বিপাঙত পৰিছে দৰিদ্ৰ পৰিয়ালটো।

চৰকাৰী গৃহ লাভৰ আশাত বিভিন্ন কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰিছে হিয়া বড়োৱে। তেওঁৰ দাবী—পঞ্চায়তৰ পৰা আৰম্ভ কৰি ব্লক পৰ্যায়লৈকে চৰকাৰী গৃহৰ বাবে ধন বিচৰা হৈছে। আনকি বিদ্যুৎ সংযোগৰ বাবেও শক্তি বিভাগৰ কাৰ্যালয়ত ধন বিচৰা বুলি অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে।

অৱশ্যে, হিয়া বড়োৰ উত্থাপিত ধন লেনদেনৰ অভিযোগৰ বিষয়ে ৰূদ্ৰেশ্বৰ পঞ্চায়তৰ উপসভানেত্ৰী আৰু সংশ্লিষ্ট কৰ্মচাৰীয়ে কোনো কথা অৱগত নহয় বুলি জানিবলৈ দিছে।

এতিয়া চৰকাৰী প্ৰশাসনৰ ওপৰত আস্থা হেৰুৱাই মুখ্যমন্ত্ৰী তথা জালুকবাৰী সমষ্টিৰ বিধায়ক ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত সহায়ৰ বাবে কাতৰ আবেদন জনাইছে হিয়া বড়োৰ পৰিয়ালে।

ইফালে, স্থানীয় প্ৰতিবেশীসকলেও দৰিদ্ৰ পৰিয়ালটোৰ দুৰৱস্থাৰ প্ৰতি চৰকাৰ আৰু প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰি পৰিয়ালটোৱে যাতে চৰকাৰী আঁচনিৰ ন্যায্য সুবিধা লাভ কৰে, তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে—চৰকাৰী আঁচনিৰ হিতাধিকাৰী হ’বলৈ যদি সঁচাকৈয়ে ধন দাবী কৰা হৈছে, তেন্তে এই ধন দাবীৰ আঁৰত কোন? অভিযোগৰ নিৰপেক্ষ তদন্ত কৰি দোষী ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’বনে? উত্তৰ গুৱাহাটীৰ এই ঘটনাই চৰকাৰী আঁচনিৰ স্বচ্ছতা আৰু হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়াক লৈ পুনৰ প্ৰশ্নৰ অৱকাশ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top