গুৱাহাটীৰ বৰবাৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড
চাকৰি দিয়াৰ প্ৰলোভনেৰে জাগীৰোডৰ এগৰাকী যুৱতীক অপহৰণ কৰি ১১ দিন ধৰি বন্ধ কোঠাত আৱদ্ধ কৰি ৰখাৰ অভিযোগক কেন্দ্ৰ কৰি গুৱাহাটীৰ বৰবাৰীত চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, যুৱতীগৰাকীক আৱদ্ধ কৰি ৰখাৰ লগতে অপকৰ্মত লিপ্ত কৰোৱাৰো চেষ্টা কৰা হৈছিল।
জানিব পৰা মতে, ওদালগুৰিৰ এগৰাকী যুৱতীৰ বিৰুদ্ধে এই অপহৰণ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। অপহৃত যুৱতীগৰাকীয়ে কোনো প্ৰকাৰে হোৱাটছএপযোগে আন এগৰাকী যুৱতীৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে বিষয়টো পোহৰলৈ অহাৰ লগতে উদ্ধাৰৰ বাবে তৎপৰতা আৰম্ভ হয়।
পৰৱৰ্তী সময়ত আৰক্ষী আৰু বীৰ লাচিত সেনাৰ সহযোগত স্থানীয় ৰাইজে যুৱতীগৰাকীক উদ্ধাৰ কৰে। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাক আটক কৰি দিছপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
অভিযোগ অনুসৰি, চাকৰি দিয়াৰ নামত যুৱতীগৰাকীক গুৱাহাটীৰ বৰবাৰীলৈ আনি আৱদ্ধ কৰি ৰখাৰ লগতে দেহ ব্যৱসায়ত লিপ্ত কৰোৱাৰ চেষ্টা কৰা হৈছিল। অৱশ্যে, অভিযোগসমূহৰ সত্যতা আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে স্পষ্ট হ’ব।
ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অপহৰণৰ আঁৰত আৰু কোনো লোক জড়িত আছে নেকি, সেই বিষয়েও তদন্তকাৰী দলে অনুসন্ধান চলাইছে।
