Sivasagar Flood ১৯ জুলাইৰ মহাপ্ৰলয়ংকৰ বান পৰিস্থিতিক কেন্দ্ৰ কৰি শিৱসাগৰত এক সংবাদমেল অনুষ্ঠিত কৰি সদৌ তাই আহোম ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰ আৰু শিৱসাগৰ-চৰাইদেউ জিলা প্ৰশাসনৰ ভূমিকা তীব্ৰ ভাষাৰে সমালোচনা কৰে। সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে বিভিন্ন অভিযোগ উত্থাপন কৰাৰ লগতে কেইবাটাও দাবী আগবঢ়ায়।
বসন্ত গগৈয়ে কয় যে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ কিছু অঞ্চলৰ পৰা পানী আঁতৰি গ’ল যদিও বহু এলেকা এতিয়াও বানমুক্ত হোৱা নাই। বহু পৰিয়ালে আজিও পথৰ কাষত অস্থায়ীভাৱে আশ্ৰয় লৈ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে আৰু নিজৰ ঘৰলৈ উভতি যাব পৰা নাই। তেওঁৰ মতে, এই দুৰ্যোগে দুয়োখন জিলাৰ ৰাইজৰ মাজত গভীৰ মানসিক প্ৰভাৱ পেলাইছে।
সংগঠনটোৱে অভিযোগ কৰে যে চৰাইদেউৰ দৰে উচ্চভূমি অঞ্চলতো ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হোৱাটো স্বাভাৱিক নহয়। তেওঁলোকৰ মতে, সময়মতে প্ৰয়োজনীয় সতৰ্কবাণী জাৰি নকৰা আৰু দিখৌ নদীৰ পাৰৰ বাসিন্দাসকলক আগতীয়াকৈ সতৰ্ক নকৰাৰ ফলতেই ক্ষয়-ক্ষতি বৃদ্ধি পায়। সংবাদমেলত মন জিলাৰ উপায়ুক্তই সময়মতে ৰেড এলাৰ্ট জাৰি কৰাৰ উদাহৰণ দাঙি ধৰি শিৱসাগৰ আৰু চৰাইদেউৰ জিলা প্ৰশাসনৰ কাৰ্যক্ষমতা প্ৰশ্নবিদ্ধ কৰা হয়।
সংগঠনটোৱে লগতে দাবী কৰে যে ১৯৬০ চনত নিৰ্মিত পুৰণি শ্লুইচ গেটসমূহ আধুনিক স্বয়ংক্ৰিয় শ্লুইচ গেটেৰে সলনি কৰা হ’লে বানৰ প্ৰভাৱ যথেষ্ট হ্ৰাস কৰিব পৰা গ’লহেঁতেন। চৰকাৰে বানৰ কাৰণ অবৈধ খনন নহয় বুলি কৈছে যদিও, সংগঠনটোৱে বানৰ সৈতে উটি অহা মাটিৰ বৈজ্ঞানিক পৰীক্ষা কৰি বানৰ প্ৰকৃত কাৰণ জনসাধাৰণৰ আগত প্ৰকাশ কৰাৰ দাবী জনায়।
সংবাদমেলত সদৌ তাই আহোম ছাত্ৰ সন্থাই নদী ব্যৱস্থাপনা আৰু বান নিয়ন্ত্ৰণৰ বাবে কেইবাটাও দাবী উত্থাপন কৰে। ইয়াৰ ভিতৰত নদীৰ গতিপথ পৰ্যালোচনাৰ বাবে ত্ৰিপাক্ষিক বৈঠক আয়োজন, নামদাং নদী বেদখলমুক্ত কৰি খননৰ ব্যৱস্থা, শিৱসাগৰ নগৰ সুৰক্ষাৰ বাবে যমুনা নদী সংৰক্ষণ আৰু বেদখলমুক্তকৰণ, লগতে দিখৌ নদীৰ উন্মুক্ত হৈ থকা প্ৰায় ১৫ কিলোমিটাৰ মথাউৰি অতি শীঘ্ৰে নিৰ্মাণ কৰাৰ দাবী অন্যতম।
সংগঠনটোৱে স্পষ্টভাৱে সতৰ্ক কৰি দিয়ে যে শিৱসাগৰ আৰু চৰাইদেউ জিলাক ভৱিষ্যতৰ বানৰ পৰা সুৰক্ষিত কৰিবলৈ চৰকাৰে যদি শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে সদৌ তাই আহোম ছাত্ৰ সন্থাই বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব।
