Gauripur গৌৰীপুৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, কুখ্যাত ড্ৰাগছ ব্যৱসায়ী দম্পতীক আটক

ধুবুৰী জিলাৰ গৌৰীপুৰৰ সাহেৱগঞ্জ অঞ্চলত বালাজান আৰক্ষীয়ে চলোৱা এক গোপন ড্ৰাগছ বিৰোধী অভিযানত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী বুলি সন্দেহ কৰা এজন ব্যক্তি আৰু তেওঁৰ পত্নীক আটক কৰা হৈছে। অভিযানকালত আৰক্ষীয়ে ড্ৰাগছৰ একাধিক কণ্টেইনাৰ, নগদ ধন আৰু এখন পালছাৰ মটৰচাইকেল জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ তথ্য অনুসৰি, সাহেৱগঞ্জৰ ২ নং বালাজান নিবাসী মনোৱাৰ হুছেইন আৰু তেওঁৰ পত্নীয়ে দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ অবৈধ ব্যৱসায় চলাই অহাৰ অভিযোগ আছে। অভিযোগ অনুসৰি, তেওঁলোকৰ এই কাৰ্যকলাপৰ ফলত অঞ্চলটোৰ বহু যুৱক ড্ৰাগছৰ কবলত পৰাৰ আশংকা বৃদ্ধি পাইছিল।
গোপন সূত্ৰৰ ভিত্তিত বালাজান আৰক্ষীয়ে চলোৱা অভিযানত মনোৱাৰ হুছেইন আৰু তেওঁৰ পত্নীক আটক কৰাৰ লগতে ৮টা সন্দেহজনক ড্ৰাগছভৰ্তি কণ্টেইনাৰ, কিছু নগদ ধন আৰু এখন পালছাৰ মটৰচাইকেল জব্দ কৰে।

বৰ্তমানে আটকাধীন দুয়োজনক অধিক তথ্য লাভৰ উদ্দেশ্যে গৌৰীপুৰ আৰক্ষী থানাত সোধ-পোছ অব্যাহত ৰাখিছে। ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত আৰম্ভ কৰিছে।
