Nagaon Lok Sabha constituency । VRS আবেদনক লৈ জল্পনা-কল্পনা, নগাঁও লোকসভা উপনিৰ্বাচনত বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী দেৱাশিস শৰ্মা?

নগাঁও লোকসভা উপনিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতিত নতুন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া দেৱাশিস শৰ্মাই স্বেচ্ছামূলক অৱসৰ (VRS) বিচৰাৰ খবৰ পোহৰলৈ অহাৰ পিছতে তেওঁ বিজেপিৰ প্ৰাৰ্থী হিচাপে নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। যদিও এই সন্দৰ্ভত এতিয়ালৈকে দেৱাশিস শৰ্মাই কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই।
ৰাজনৈতিক মহলৰ মতে, নগাঁও লোকসভা সমষ্টি বিজেপিৰ বাবে সহজ সমষ্টি নহয়। প্ৰায় ১৮ লাখতকৈ অধিক ভোটাৰেৰে গঠিত এই সমষ্টিত মুছলমান ভোটাৰৰ সংখ্যা তুলনামূলকভাৱে অধিক। এনে পৰিস্থিতিত বিজেপিয়ে পৰম্পৰাগত দলীয় নেতাৰ সলনি জনপ্ৰিয় আৰু প্ৰশাসনিক অভিজ্ঞতাসম্পন্ন মুখ আগবঢ়োৱাৰ সম্ভাৱনা বিচাৰিছে বুলি ধাৰণা কৰা হৈছে।
দেৱাশিস শৰ্মাই মৰিগাঁও আৰু নগাঁও জিলাৰ জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ছোৱাত অবৈধ দখল উচ্ছেদ, ড্ৰাগছবিৰোধী অভিযান, সামাজিক সেৱামূলক কাৰ্যসূচী আৰু জনমুখী প্ৰশাসনৰ বাবে বিশেষভাৱে পৰিচিতি লাভ কৰিছিল। দীপশিখা ফাউণ্ডেচনৰ জৰিয়তে কৰ্কট ৰোগীসকলৰ সহায়ৰ উপৰিও বিভিন্ন সামাজিক কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণে তেওঁক এক স্বকীয় জনভিত্তি গঢ়িবলৈ সহায় কৰিছে।
আনহাতে, বিজেপিৰ টিকটৰ দৌৰত দলটোৰ ৰাজ্যিক সম্পাদক তথা নগাঁও জিলাৰ প্ৰাক্তন সভাপতি অভিজিত নাথৰ নামো গুৰুত্বসহকাৰে উচ্চাৰিত হৈ আছে। দলীয় সংগঠনত দীৰ্ঘদিন ধৰি সক্ৰিয় ভূমিকা পালন কৰি অহা নাথকো শক্তিশালী দাবীদাৰ হিচাপে বিবেচনা কৰা হৈছে।

উল্লেখযোগ্য যে, প্ৰদ্যুত বৰদলৈয়ে লোকসভাৰ সাংসদ পদ ত্যাগ কৰি বিজেপিত যোগদানৰ পিছত বিধায়ক হিচাপে নিৰ্বাচিত হোৱাত নগাঁও লোকসভা সমষ্টিখন খালী হৈছে। এই খালী আসনৰ উপনিৰ্বাচন ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সমষ্টিটো দখল কৰিবলৈ বিজেপিয়ে পূৰ্ণ শক্তিৰে নিৰ্বাচনী যুঁজত নামিব বুলি ৰাজনৈতিক মহলে অনুমান কৰিছে।
একেসময়তে AIUDF আৰু ৰাইজৰ দলৰ ভূমিকা, বিশেষকৈ মুছলমান ভোটৰ সমীকৰণত, উপনিৰ্বাচনত গুৰুত্বপূৰ্ণ হ’ব পাৰে বুলিও বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে। শেহতীয়াকৈ বান পৰিস্থিতিত এই দলসমূহৰ তৎপৰতাই কিছু অঞ্চলত ৰাজনৈতিক প্ৰভাৱ বৃদ্ধি পোৱা বুলি ধাৰণা কৰা হৈছে।
তথাপিও, দেৱাশিস শৰ্মাৰ সম্ভাৱ্য প্ৰাৰ্থীত্ব সন্দৰ্ভত এতিয়ালৈকে বিজেপি বা দেৱাশিস শৰ্মাৰ ফালৰ পৰা কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। সেয়ে বিষয়টো বৰ্তমানলৈকে ৰাজনৈতিক জল্পনা-কল্পনাৰ পৰ্যায়তেই সীমাবদ্ধ হৈ আছে।
