CRIME NEWS । নাবালিকা ছাত্ৰীৰ সৈতে অনৈতিক কাৰ্যকলাপৰ অভিযোগ: কলগাছিয়াত উত্তপ্ত পৰিস্থিতি, হেড মৌলানা পলাতক
বৰপেটা জিলাৰ কলগাছিয়াৰ এখন হাফিজিয়া মাদ্ৰাছাত নাবালিকা ছাত্ৰীৰ সৈতে মাদ্ৰাছাখনৰ হেড মৌলানা আফাজ উদ্দীনৰ অনৈতিক কাৰ্যকলাপৰ অভিযোগ উত্থাপিত হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ঘটনাৰ খবৰ বিয়পি পৰাৰ পাছতে ক্ষুব্ধ স্থানীয় লোকে মাদ্ৰাছাখনত প্ৰৱেশ কৰি ভাঙি-লণ্ডভণ্ড কৰাৰ অভিযোগ উত্থাপিত হৈছে।
অভিযোগ অনুসৰি, অভিযুক্ত শিক্ষকজনে নিশা প্ৰায় ১২ বজাত এগৰাকী নাবালিকা ছাত্ৰীক “ক্লাছ” কৰাৰ নামত মাতি লৈ যায়। অভিযোগ মতে, পুৱাৰ ফজৰৰ আজানৰ পূৰ্বে তেওঁ ছাত্ৰীগৰাকীক পুনৰ নিৰ্দিষ্ট ঠাইত থৈ যায়।
ঘটনাটো পোহৰলৈ অহাৰ পাছতেই অভিযুক্ত হেড মৌলানা আফাজ উদ্দীন পলায়ন কৰা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।
স্থানীয় ৰাইজে অভিযোগ কৰে যে, সংশ্লিষ্ট মাদ্ৰাছাখনত পূৰ্বেও একেধৰণৰ অভিযোগ উত্থাপিত হৈছিল। সেয়ে এই ঘটনাৰ সঠিক আৰু নিৰপেক্ষ তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে স্থানীয় বাসিন্দাসকলে।
ইফালে, আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। অভিযুক্ত শিক্ষকজনক বিচাৰি অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে।
